spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeআঞ্চলিককংগনাৰ নাম শুনিয়েই খালেকৰ খং উঠিল কিয়?

কংগনাৰ নাম শুনিয়েই খালেকৰ খং উঠিল কিয়?

ডিজিটেল ডেস্কঃ কৈ নো কৈ ওৰকে নপৰা হৈছে কংগনা আখ্যান। বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰাটো যেন অভ্যাসত পৰিণত হৈছে বিতৰ্কিত বলীউড অভিনেত্ৰী কংগনাৰ। দেশৰ স্বাধীনতাক লৈ তীৰ্যক মন্তব্য কৰাৰ পাছত জাতিৰ পিতা মহাত্মা গান্ধীকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল কংগনাই। কংগনাৰ বিৰুদ্ধে দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। মহাত্মা গান্ধীৰ অহিংস নীতিকো তাচ্চিল্য কৰি তিক্ত বিতৰ্কৰ সন্মুখীন হৈছিল কংগনা। দেশবাসীৰ তীব্ৰ ককৰ্থনাৰ সন্মুখীন হোৱা কংগনাৰ বিৰুদ্ধে এইবাৰ সৰব বৰেপটাৰ সাংসদ আব্দুল খালেক। কলগাছিয়াত সাংসদ আব্দুল খালেকৰ বিস্ফোৰণ। আজি কলগাছিয়াৰ ৰূপসী উন্নয়ণ খণ্ডৰ জিৰণী চৰাত অনুষ্ঠিত হোৱা একাদশ কলগাছিয়া গ্ৰন্থমেলাৰ সাধাৰণ সভাত উপস্থিত থাকি সাংবাদিকৰ প্ৰশ্নত উভতি ধৰিলে কংগনাক। কংগনাক ‘পদ্মশ্ৰী’ প্ৰদান সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বৰপেটাৰ সাংসদ আব্দুল খালেকে।

আব্দুল খালেকৰ স্পষ্টমত,‘ কংগনা ৰানাৱাটক ‘পদ্মশ্ৰী’ দিয়াটো ভুল আছিল। প্ৰধানমন্ত্ৰী মোদীৰ স্বাধীনতাৰ প্ৰতি যদি নূন্যতম সন্মান আছে তেন্তে অবিলম্বে কংকনা ৰাণাৱাটক প্ৰদান কৰা ‘পদ্মশ্ৰী’ সন্মান প্ৰত্যাহাৰ কৰিব লাগে। কংকনা ৰানাৱাট এগৰাকী দেশদ্ৰোহী। যিসকলে স্বাধীনতা সংগ্ৰামক উপলুঙা কৰে তেওঁলোক জেহাদীতকৈয়ো ভয়ংকৰ। স্বাধীনতা সংগ্ৰামক উপলুঙা কৰা কংকনা ৰানাৱাট কিহত ব্যতিক্ৰম? কংগনা জেহাদীতকৈও ভয়ংকৰ ।’ সাংসদ আব্দুল খালেকে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰসংশাতো পঞ্চমুখ হৈ পৰা দেখিবলৈ পোৱা যায়। গুৰু নানক জয়ন্তীৰ দিনা দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ‘কৃষি আইন’ বাতিলৰ সিদ্ধান্তক বিপুল আদৰণি জনায় আব্দুল খালেকে। তেওঁ লগতে কয়, ‘এই জয় গণতন্ত্ৰৰ জয়, কৃষকৰ জয়।’ স্বাভাৱিকতে অনমনীয় চৰকাৰখনৰ বিৰুদ্ধে এনেদৰে বৰ্ষজোৰা কৃষকৰ শান্তিপূৰ্ণ আন্দোলনে সৈমান কৰালে চৰকাৰক। সেয়েহে, মোডী চৰকাৰ, কৃষক আৰু প্ৰতিবাদী জনতাক অভিনন্দন জ্ঞাপন কৰিছে আব্দুল খালেকে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular