এই চৰকাৰৰ ব্ৰেণ্ড এম্বেচেডৰৰ দায়িত্বত কংগনা ৰাণাৱট! পিছে কোনখন চৰকাৰ?

0
275

ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱট জড়িত হৈছে উত্তৰ প্ৰদেশ চৰকাৰৰ সৈতে৷ উত্তৰ প্ৰদেশ চৰকাৰৰ নতুন কাৰ্যসূচী ‘এক জিলা এক সামগ্ৰী’ৰ বাবে ব্ৰেণ্ড এম্বেচেডৰ হ’ব কংগনা ৰাণাৱট৷ এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰিছে মোহময়ী অভিনেত্ৰীগৰাকীয়ে৷ উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ ৭৫ খন জিলাত নিৰ্দিষ্ট পৰম্পৰাগত ঔদ্যোগিক কেন্দ্ৰ সৃষ্টি কৰাৰ লক্ষ্যৰে এক জিলা-এক সামগ্ৰী (One District-One Product) কাৰ্যসূচী আৰম্ভ কৰিছে।

উত্তৰ প্ৰদেশৰ অতিৰিক্ত মুখ্য সচিব (তথ্য) নবনীত চেহগলে টুইটযোগে কয়, “জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱটে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰিছে ৷ মুখ্যমন্ত্ৰী যোগীয়ে কংগনা ৰাণাৱটক ‘এক জিলা এক সামগ্ৰী’ (ODOP) কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে৷ এই ‘এক জিলা এক সামগ্ৰী’ (ODOP) কাৰ্যসূচীৰ বাবে কংগনা ৰাণাৱট আমাৰ ব্ৰেণ্ড এম্বেচেডৰ হ’ব৷”

নবনীত চেহগলৰ এই টুইটৰ পিছতে কংগনা ৰাণাৱটৰ এই নতুন পদক্ষেপ পোহৰলৈ আহে৷ উল্লেখ্য যে এই বৈঠকত কংগনা ৰাণাৱটে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৰা বিভিন্ন কৰ্মৰাজীৰ বাবে উচ্চ প্ৰশংসা কৰে৷ মুখ্যমন্ত্ৰী যোগীয়ে অভিনেত্ৰীগৰাকীক ৰাম মন্দিৰ দৰ্শন কৰিবলৈও অনুৰোধ জনায়৷