spot_img
25 C
Guwahati
25 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeব্ৰেকিং নিউজবাতিল কৃষি আইন: ভাৰতক জেহাদী ৰাষ্ট্ৰ বুলি অভিহিত কংগনা ৰানাৱটৰ

বাতিল কৃষি আইন: ভাৰতক জেহাদী ৰাষ্ট্ৰ বুলি অভিহিত কংগনা ৰানাৱটৰ

মুম্বাইঃ কৃষকৰ ধাৰাবাহিক প্ৰতিবাদত সেও মানিলে কেন্দ্ৰই৷ কৃষকৰ আগত শিৰোধাৰ্য কৰি তিনিওখন কৃষি আইন বাতিলৰ কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ তাৰপাছতেই বিভিন্ন মহলত সমালোচিত হৈছে মোদী৷ কিন্তু ইয়াৰ সন্দৰ্ভত বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে উদ্ভট মন্তব্য কৰে৷ যাৰ ফলত কটু সমালোচনাৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী৷ অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰাম প্ৰফাইলৰ জৰিয়তে কৃষি আইন বাতিলৰ ওপৰত এটা পোষ্ট আপলোড কৰে৷ এই পোষ্টটোত অভিনেত্ৰীগৰাকীয়ে ভাৰতক জেহাদী ৰাষ্ট্ৰ বুলি অভিহিত কৰে। যাৰ ফলত জাঙুৰ খাই উঠে৷

আজি মোদীয়ে এখন সংবাদমেল সম্বোধন কৰি কৃষি আইন বাতিলৰ সিদ্ধান্তৰ কথা অৱগত কৰিছিল৷ তেওঁ প্ৰতিবাদ বন্ধ কৰিবলৈ কৃষকক আহ্বানো জনাইছিল৷ মোদীয়ে সংবাদমেলখনত কৈছিল, কৃষি আইনৰ উদ্দেশ্য সৎ আছিল, কিন্তু কৃষকক বুজাব নোৱাৰিলো৷ কৃষকসকলৰ হিতৰ বাবেই অনা হৈছিল এই আঁচনি৷ কিন্তু আমি কৃষকসকলক পতিয়ন নিয়াব নোৱাৰিলো৷

তাৰপাছতেই ইনষ্টাগ্ৰামযোগে ভাৰতক জেহাদী ৰাষ্ট্ৰ বুলি অবিহিত কৰে অভিনেত্ৰী কংগনা ৰানাৱটে৷ ইপিনে অভিনেত্ৰীগৰাকীক প্ৰদান কৰা পদ্মশ্ৰী বঁটাক লৈয়ো বিভিন্নজনে আপত্তি দৰ্শাইছিল৷ একাংশই এই বঁটাক লৈ তীব্ৰ বিৰোধিতা কৰাৰ লগতে আন একাংশই কৰিছিল সমালোচনা। একাংশই উত্থাপন কৰিছিল যে ‘পদ্মশ্ৰী’ সন্মান কংগনাই নহয় চনু সুদেহে পোৱাৰ যোগ্য। হাজাৰ হাজাৰ লোকক লকডাউনত সহায় কৰি একপ্ৰকাৰ ভগৱানৰ দূতত পৰিণত হৈছিল চনু সুদ। কংগনা ৰাণাৱটে পদ্মশ্ৰী পোৱা আৰু চনুৰ নাম বিবেচনালৈ নহাক লৈ প্ৰশ্ন সোধা হৈছিল অভিনেতাগৰাকীক। চনু সুদে এই বিষয়ত সৰলভাৱে নিজৰ মন্তব্য প্ৰকাশ কৰিছিল। তাৰপাছতেই কংগনাই কৰা এই উদ্ভট মন্তব্যটো সচেতন মহলে সহজে মানি ল’ব পৰা নাই৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular