এইবাৰ অন্নদাতা কৃষকক ‘সন্ত্ৰাসবাদী’ আখ্যা কংগনা ৰানাৱটৰ

জলন্ধৰ : মুম্বাইক পাক-অধিকৃত কাশ্মীৰৰ লগত তুলনা কৰি শিৱসেনাৰ ৰোষৰ বলি হৈ মুম্বাই ত্যাগ কৰিবলৈ বাধ্য হোৱা কংগনা ৰানাৱটে এইবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে কৃষকসকলক। এটা টুইটত তেওঁ কৃষি বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কৃষকসকলক ‘সন্ত্ৰাসবাদী’ আখ্যা দিছে। নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰাৰ সময়ত প্ৰতিবাদ কৰা আৰু কৃষি বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰাসকল একেই ‘সন্ত্ৰাসবাদী’ বুলি বিস্ফোৰক অভিযোগ কৰে কংগনাই।

আৰু পঢ়িব পাৰিব: আৰক্ষীত চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ, মহিলা গ্ৰেপ্তাৰ

প্ৰধানমন্ত্ৰী মোদীৰ এটা টুইটৰ উত্তৰ হিচাপে মোদীক উদ্দেশ্যি কংগনাই লিখিছে যে, ‘শুই থকা লোকসকলক জগাব পাৰি কিন্তু শোৱাৰ ভাও ধৰি থাকিলে জগোৱা সম্ভৱ নহয়। একেদৰে নুবুজানকহে বুজাব পাৰি কিন্তু নুবুজাৰ ভাওধৰা জনক বুজাই কি লাভ? ‘কা’ৰ জৰিয়তে এজনো নাগৰিকৰ নাগৰিকত্ব নোযোৱাৰ পাছতো তেজৰ নদী বোৱাই দিয়া সন্ত্ৰাসবাদীসকলৰ সৈতে এইসকলো একেই।’

আৰু পঢ়িব পাৰিব: ক’ভিডবিধি মানি ৰাজ্যৰ শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ

প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ চৰকাৰে গৃহীত কৰা কৃষি বিধেয়কৰ সমৰ্থনত টুইটটো কৰিছিল। তেওঁ এই বিধেয়ক চৰকাৰে কৃষকৰ সেৱা কৰাৰ বাবে গৃহীত কৰা বুলিও উল্লেখ কৰিছে। তেওঁ কৃষকসকলক ‘অন্নদাতা’ বুলি উল্লেখ কৰাৰ বিপৰীতে কংগনাই ‘সন্ত্ৰাসবাদী’ আখ্যা দিয়াটো দৃষ্টিকটু হৈ পৰিছে। উল্লেখ্য যে, কালি সংসদত গৃহীত হোৱা দুখনকৈ কৃষি বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলে। ট্ৰেক্টৰ চলাই একাংশ প্ৰতিবাদী কৃষক দিল্লী অভিমুখে আহি থকা বুলিও জানিবপৰা গৈছে। এনে পৰিৱেশৰ মাজতে বলীউডৰ বিতৰ্কিত অভিনেত্ৰীগৰাকীৰ টুইটক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES