spot_img
27 C
Guwahati
Monday, September 20, 2021
spot_img
Homeক্ৰীড়া‘ড্ৰেছিং ৰূম’ত ড্ৰাউদ ইব্ৰাহিমৰ প্ৰলোভন! কি কৈছিল কপিল দেৱে?

‘ড্ৰেছিং ৰূম’ত ড্ৰাউদ ইব্ৰাহিমৰ প্ৰলোভন! কি কৈছিল কপিল দেৱে?

নতুন দিল্লীঃ ক্ৰিকেট আৰু আণ্ডাৰৱাৰ্ল্ডৰ এটা ওতঃপ্ৰোত আৰু পৌৰাণিক সম্পৰ্ক আছে। দশক বাগৰা তেনে এক চাঞ্চল্যকৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। জানিব পৰা মতে, ভাৰত আৰু পাকিস্তানৰ মাজত খেল আৰম্ভ হোৱাৰ পূৰ্বে ড্ৰাউদ ইব্ৰাহিমে ভাৰতীয় দলৰ ‘ড্ৰেছিং ৰূম’লৈ আহিছিল। তেওঁ ভাৰতীয় খেলুৱৈসকলক বৃহৎ উপঢৌকনৰ প্ৰস্তাৱ দিছিল। তেতিয়া ভাৰতীয় দলৰ অধিনায়ক আছিল কপিল দেৱ। কপিল দেৱে এই উপঢৌকন পোনচাতে নস্যাত কৰিছিল।


উল্লেখ্য যে, ১৯৮৭ চনত শ্বাৰজাহ ষ্টেডিয়ামত খেল অনুষ্ঠিত হোৱাৰ প্ৰাকমুহূৰ্তত ড্ৰাউদ ইব্ৰাহিম ভাৰতীয় দলৰ ‘ড্ৰেছিং ৰূম’লৈ আহিছিল। দিলীপ ভেংচৰকাৰৰ দাবী, ‘ ভাৰতীয় দলে পাকি স্তানক পৰাভূত কৰিব পাৰিলে প্ৰতিগৰাকী ভাৰতীয় খেলুৱৈক ট’য়টা গাড়ীৰ উপঢৌকন দিছিল ড্ৰাউেদ ইব্ৰাহিমে।’ অৱশ্যে ভাৰতীয় দলক এই উপঢৌকনে প্ৰলোভিত কৰিব পৰা নাছিল। শেহতীয়াকৈ দিলীপ ভেংচৰকাৰে এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনিছে।
তেওঁৰ মন্তব্য, ‘ড্ৰাউদ ইব্ৰাহিমে ভাৰতীয় দলৰ ‘ড্ৰেছিং ৰূম’লৈ আহোতে কপিল দেৱ উপস্থিত নাছিল। তেওঁ সাংবাদিক সম্নিলনত ব্যস্ত আছিল।

‘ড্ৰেছিং ৰূম’ত অচিনাকিব ব্যক্তিগৰাকীক দেখা পাই হতচকিত হৈছিল কপিল দেৱ। বিশ্বকাপ বিজয়ী অধিনায়কজনে লগে লগে ‘ড্ৰেছিং ৰূম’ৰ পৰা তেওঁক বাহিৰলৈ যাবলৈ কয়। ড্ৰাউদ ইব্ৰাহিমে কোনো প্ৰত্ত্যুতৰ নিদিয়াকৈ ওলাই যায়। তেওঁৰ পাছতে ড্ৰেছিং ৰূমলৈ আহিছিল জাভেদ মিয়াদাদ। ড্ৰাউদৰ সৈতে এনে ব্যৱহাৰ অনুচিত বুলি তেওঁ সতৰ্ক কৰি দিছিল ভাৰতীয় খেলুৱৈসকলক।’
উল্লেখ্য যে, উক্ত খেলখনত ভাৰত পৰাস্ত হৈছিল। অথচ ড্ৰাউদ ইব্ৰাহিমৰ প্ৰলোভনে উৎসাহিত কৰিব পৰা নাছিল ভাৰতক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Mon
32 °
Tue
31 °
Wed
30 °
Thu
31 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular