spot_img
25 C
Guwahati
Wednesday, September 22, 2021
spot_img
Homeআঞ্চলিকআজি কাৰ্গিল বিজয় দিৱস, বীৰ শ্বহীদলৈ মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

আজি কাৰ্গিল বিজয় দিৱস, বীৰ শ্বহীদলৈ মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

গুৱাহাটী : আজি কাৰ্গিল বিজয় দিৱস৷ ১৯৯৯ চনৰ ২৬ জুলাইত কাৰ্গিলত পাকিস্তানৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছিল ভাৰতীয় সেনাই৷ প্ৰায় ৬০ দিন ধৰি শত্ৰুৰ বিৰুদ্ধে যুঁজিছিল ভাৰতীয় সেনাই৷ দেশমাতৃৰ হকে যুদ্ধ কৰি শ্বহীদ হৈছিল বহু বীৰ জোৱান৷ সেইসকল শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই দেশজুৰি আজিৰ দিনটোত পালন কৰা হৈছে কাৰ্গিল বিজয় দিৱস৷


গুৱাহাটীৰ দীঘলী পুখুৰীৰ ৱাৰ মেমৰিয়েলতো কাৰ্গিল দিৱসৰ আয়োজন কৰা হয়৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷ তেওঁ এই অনুষ্ঠানত উপস্থিত থাকি আজিৰ দিনটো গৌৰৱ আৰু সমন্বয়ৰ দিন বুলি মত প্ৰকাশ কৰে৷


এই অনুষ্ঠানতে শ্বহীদ জিন্টু গগৈৰ পিতৃক লগ পোৱাৰ সৌভাগ্য হ’ল বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে ভাৰতীয় সেনাই আৰু ভাল কাম কৰিব বুলি আশা ব্যক্ত কৰে৷ শ্বহীদ জিন্টু গগৈৰ ঘৰলৈ যোৱা পথচোৱা শীঘ্ৰে মেৰামতি কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
25 ° C
25 °
25 °
94 %
0kmh
75 %
Wed
31 °
Thu
31 °
Fri
32 °
Sat
32 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular