spot_img
25 C
Guwahati
25 C
Guwahati
মঙলবাৰ, অক্টোবৰ 19, 2021
Homeআঞ্চলিকনিজ প্ৰতিভাৰে উজলিল প্ৰতিবন্ধী কিশোৰ

নিজ প্ৰতিভাৰে উজলিল প্ৰতিবন্ধী কিশোৰ

কৰিমগঞ্জ : মনৰ সৃজনশীলতা আৰু প্ৰতিভা বিকাশৰ ক্ষেত্ৰত বাধা হ’ব নোৱাৰে৷ নিজ চেষ্টা আৰু প্ৰতিভাৰ বলত আন বহুজনৰ প্ৰেৰণা হৈ পৰিছে ১৫ বছৰীয়া এগৰাকী প্ৰতিবন্ধী প্ৰতিভাবান কিশোৰ। কোনো প্ৰশিক্ষণ তথা আনুষ্ঠানিক শিক্ষাৰ অবিহনে কিশোৰগৰাকীৰ হাতত প্ৰাণ পাই উঠে বহু মনিষীৰ প্ৰতিচ্ছবি৷

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ প্ৰত্যন্ত অঞ্চলৰ কচুবাড়ি গাঁওৰ কিশোৰজনে কোন ধৰনৰ প্ৰশিক্ষণ নোৱৰাকৈ অংকন কৰে বহু মনিষী আৰু নেতা মন্ত্ৰীৰ প্ৰতিচ্ছবি। বধিৰ কিশোৰৰ নাম নেহাৰ উদ্দিন। নেহাৰ বৰ্তমান দশম শ্ৰেণীত অধ্যয়ণৰত। জন্মৰ পৰা কিশোৰজনে কথা কব আৰু শুনিবও নোৱাৰে।

ইতিমধ্যেই তেওঁ মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, খুদিৰাম বসুকে ধৰি বহু মনিষীৰ ছবি অংকন কৰাৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসম মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালসহ বহু নেতাৰ ছবি অংকন কৰাৰ পাছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এনে প্ৰতিবন্ধী প্ৰতিভাবান কিশোৰক চৰকাৰে ভাল প্ৰশিক্ষণ প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰিব লাগে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular