মুখ্যমন্ত্ৰী য়েডিয়ুৰপ্পাৰ ক’ভিড পজিটিভ : ৰাজ্যপাল, গৃহমন্ত্ৰীকো কৰিছিল সাক্ষাৎ

বেংগালুৰু : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডিয়ুৰপ্পাৰ দেহত ধৰা পৰিল ক’ভিড পজিটিভ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে দেওবাৰে নিশা কৰ’নাত আক্ৰান্ত হোৱাৰ কথা টুইটযোগে সদৰী কৰে৷ তেওঁ কয় বৰ্তমান তেওঁ সুস্থ আৰু চিকিৎসকৰ পৰামৰ্শ মৰ্মে তেওঁ চিকিৎসালয়ত ভৰ্তি হৈ আছে৷

আৰু পঢ়িব পাৰিব: আজিৰে পৰা গুৱাহাটীৰ এপাৰ্টমেণ্টসমূহত আৰম্ভ ৰেপিড এণ্টিজেন টেষ্ট

মুখ্যমন্ত্ৰীগৰাকী মনিপাল হাস্পতালত ভৰ্তি হৈ আছে৷ বিগত দিনকেইটাত মুখ্যমন্ত্ৰীগৰাকীৰ সংস্পৰ্শলৈ অহা যিসকল লোকৰ ক’ভিড লক্ষণ দেখা দিছে তেওঁলোককো আছুতীয়া কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে৷

আৰু পঢ়িব পাৰিব: গুৱাহাটীৰ ব্যৱসায়ীক অপহৰণ কৰি ধন লুট কৰা দুজন লোকক গ্ৰেপ্তাৰ

উল্লেখ্য যে কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰীৰ গৃহ বিভাগৰ এজন সদস্য কৰ’নাত আক্ৰান্ত হোৱাৰ পাছতে কেইদিনমানৰ কাৰনে কৰ্মৰ পৰা বিৰত থাকিব বুলি টুইটযোগে উল্লেখ কৰিছিল৷ জানিব পৰা মতে মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পাই শুকুৰবাৰে সাক্ষাৎ কৰিছিল ৰাজ্যখনৰ ৰাজ্যপাল বাজুভাই বালাক৷ লগতে উক্ত সভাত উপস্থিত আছিল কৰ্ণাটকৰ গৃহমন্ত্ৰীও৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES