spot_img
24 C
Guwahati
Friday, September 17, 2021
spot_img
Homeআঞ্চলিককাজিৰঙাৰ মাজেৰে গধূৰ যান-বাহন চলাচলত নিষেধাজ্ঞা

কাজিৰঙাৰ মাজেৰে গধূৰ যান-বাহন চলাচলত নিষেধাজ্ঞা

কাজিৰঙা : কাজিৰঙাৰ ৰাজপথত আৱদ্ধ শ শ মালবাহী গধুৰ যান-বাহন৷ চৰকাৰী নিৰ্দেশনাৰ পাছতে নামনিমুৱা বাহনসমূহ আৱদ্ধ কৰা হৈছে কাজিৰঙাত৷ সোমবাৰ নিশাৰে পৰা আৱদ্ধ কৰা হৈছে মালবাহী ট্ৰাকসমূহ৷

উল্লেখ্য যে বানে প্লাবিত কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহু বন্যজীৱই ওখ স্থান বিচাৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আশ্ৰয় লৈছে৷ যাৰবাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নামনিৰ পৰা উজনিলৈ যাত্ৰা কৰিলে উত্তৰপাৰ হৈ যাবলৈ আহ্বান জনায়৷ বগীবিল হৈ উত্তৰ অসমেৰে চলিব উজনিৰ বাহন ৷ বান পৰিস্থিতি উন্নত নোহোৱালৈ বিকল্প পথ ব্যৱহাৰৰ নিৰ্দেশ ৷

ইপিনে, ঘাইপথ অতিক্ৰম কৰি দক্ষিণৰ কাৰ্বি পাহাৰলৈ যোৱাটো এতিয়া বিপদজনক হৈ পৰিছে জীৱকুললৈ৷ সেয়ে কাজিৰঙাৰ ৰাজপথেৰে গধুৰ যান-বাহন আহ-যাহ কৰা সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হৈছে৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতে অধিক তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন৷ অৱশ্যে মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ‌ পাছতে সমস্যাৰ সৃষ্টি হৈছে চালক হেন্দিমেনৰ মাজত৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
24 ° C
24 °
24 °
98 %
1.2kmh
98 %
Sat
29 °
Sun
30 °
Mon
31 °
Tue
31 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular