Google search engine
26.6 C
Guwahati
Wednesday, August 4, 2021
Google search engine
Homeব্ৰেকিং নিউজঘৰত ৬ লিটাৰতকৈ অধিক সুৰা ৰাখিবৰ বাবে লাগিব লাইচেন্স!

ঘৰত ৬ লিটাৰতকৈ অধিক সুৰা ৰাখিবৰ বাবে লাগিব লাইচেন্স!

লক্ষ্ণৌ: বিভিন্ন প্ৰকাৰৰ সুৰা সংগ্ৰহ কৰি ঘৰতে একোখন মিনি বাৰ স্থাপন কৰাটো আধুনিক জীৱন চৰ্যাৰ অংশ হৈ পৰিছে৷ বহুতে চখ বা সুৰাপানৰ অভ্যাসৰ বাবে ঘৰতে প্ৰয়োজন অনুসৰি সুৰা মজুত ৰাখে৷ পিছে এতিয়াৰেপৰা ঘৰত ব্যক্তিগত ‘বাৰ’ বা অধিক পৰিমাণৰ সুৰা ৰাখিব বিচৰাসকলে ৰাজ্য চৰকাৰৰ অনুজ্ঞা পত্ৰ ৰাখিবলগীয়া হ’ব পাৰে৷

আৰু পঢ়িব পাৰিব : দুই কন্যাক ডাম্বেলেৰে মৰিয়াই হত্যা কৰি সত্যযুগৰ অপেক্ষা শিক্ষক দম্পতীৰ

উত্তৰ প্ৰদেশৰ সংশোধিত আবকাৰী নিৰ্দেশনা অনুসৰি, এজন লোকক ব্যক্তিগত দখলত নিৰ্ধাৰিত ৰিটেইল সীমাতকৈ অধিক সুৰা ক্ৰয় কৰিবলৈ, পৰিবহণ কৰিবলৈ বা ৰাখিবলৈ অনুজ্ঞাপত্ৰ লাগিব। উল্লেখ্য যে সুৰা ক্ৰয়, পৰিবহণ বা ব্যক্তিগত দখলৰ সীমা প্ৰতিজন ব্যক্তিৰ বাবে মাত্ৰ ৬ লিটাৰ নিৰ্ধাৰণ কৰা হৈছে।

আৰু পঢ়িব পাৰিব : ২০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ’ এক্সপো : অংশ ল’ব ৪খন দেশৰ প্ৰতিনিধিয়ে

ইয়াতকৈ অধিক সুৰা সেৱন কৰিবলৈ, আবকাৰী বিভাগৰপৰা অনুজ্ঞাপত্ৰ লোৱাটো বাধ্যতামূলক কৰা হৈছে। যিসকলৰ ঘৰত ব্যক্তিগত ‘বাৰ’ আছে আৰু ব্যক্তিগত ব্যৱহাৰৰ বাবে নিৰ্ধাৰিত সীমাতকৈ অধিক সুৰা ৰাখিছে, তেওঁলোকে বছৰি ১২০০০ টকা আৰু ৫১০০০ টকাৰ ছিকিউৰিটী জমা দি অনুজ্ঞা-পত্ৰ ল’ব লাগিব।

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
26.6 ° C
26.6 °
26.6 °
92 %
1.7kmh
91 %
Wed
26 °
Thu
33 °
Fri
33 °
Sat
32 °
Sun
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular