spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeৰাষ্ট্ৰীয়'দেউতা তুমি শুদ্ধ আছিলা,তেওঁ ভাল মানুহ নহয়'! বিয়াৰ ৭ মাহৰ পাছত...

‘দেউতা তুমি শুদ্ধ আছিলা,তেওঁ ভাল মানুহ নহয়’! বিয়াৰ ৭ মাহৰ পাছত আত্মহত্যা যুৱতীৰ

ডিজিটেল ডেস্কঃ ”দেউতা তুমি শুদ্ধ আছিলা। তেওঁ ভাল মানুহ নহয়”-এনেদৰে ছুইচাইড নোট লিখি বিয়াৰ ৭ মাহৰ পাছত এগৰাকী বোৱাৰীয়ে কৰিলে আত্মহত্যা। মাত্ৰ ২১ বছৰ বয়সতে জীৱনৰ প্ৰতি মোহ হেৰুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে বোৱাৰীগৰাকীয়ে। এই শোকাৱহ ঘটনা সংঘটিত হৈছে কেৰালাৰ ইডায়াপুৰমত। মৃত বোৱাৰীগৰাকী আইনৰ ছাত্ৰী আছিল। তেওঁৰ নাম মৌফিয়া পাৰবিন দিলশ্বাদ। ছুইচাইড নোটত মৌফিয়াই তেওঁৰ মৃত্যুৰ বাবে স্বামী মহম্মদ ছোহেইল,শহুৰ ইউচুফ আৰু শাহু ৰুখিয়াক জগৰীয়া কৰিছে।

মৌফিয়াই ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল মহম্মদ ছোহেইলৰ সৈতে। প্ৰথমে মেছেজ, তাৰ পিছত ফোন আৰু অৱশেষত ঘনিষ্ঠতা বাঢ়ি দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কই গঢ় লয়। ঘৰৰ অমতত হাজাৰ বাধা নেওচি যুৱকগৰাকীৰ সৈতে বিয়াত বহিছিল মৌফিয়া। মহম্মদ ছোহেইলে মিছা কথা কৈ বিয়া পাতিছিল মৌফিয়াক। প্ৰথমে ডুবাইত চাকৰি কৰো বুলি কোৱাৰ লগতে ইউটিউবৰ এগৰাকী ব্লগাৰ বুলি চিনাকি দিছিল মহম্মদে। কিন্তু বিয়াৰ পাছত মহম্মদ ছোহেইলে চিনেমাৰ প্ৰযোজক হোৱাৰ ইচ্ছাৰ কথা কয়। ইয়াৰ বাবে তেওঁ এখন চিনেমা নিৰ্মাণ কৰিবলৈ মৌফিয়াৰ পৰিয়ালৰ পৰা ৪০লাখ টকা যৌতুক দাবী কৰে।

মৌফিয়া কেতিয়াও যৌতুকৰ পক্ষত নাছিল। সেয়েহে তেওঁ স্বামীৰ এই দাবী কেতিয়াও মানি লোৱা নাছিল। অৱশেষত ঘৰুৱা হিংসাৰ বলি হয় ২১ বছৰীয়া বোৱাৰীগৰাকী। যৌতুক দাবীৰে স্বামীৰ লগতে শাহু-শহুৰেও অকথ্য নিৰ্যাতন চলাইছিল মৌফিয়াৰ ওপৰত। মৌফিয়াই লাহে লাহে বুজি উঠিছিল যে তেওঁ জীৱনসংগী নিৰ্বাচন কৰাত শুদ্ধ নাছিল। অৱশেষত জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰি ৭ মহীয়া সংসাৰৰ তিক্ত অভিজ্ঞতাৰে এখন চিলিং ফেনত চিপ লৈ নিজ জীৱন ত্যাগ কৰে মৌফিয়া পাৰবিন দিলশ্বাদে। কন্যাক হেৰুৱাই শোকত ভাগি পৰা মৌফিয়াৰ পৰিয়ালে স্বামীৰ লগতে তেওঁৰ পৰিয়ালৰ ওপৰত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে।

আৰু পঢ়কঃ নুমাই গ’ল কাব্য সাহিত্যৰ এগচি বন্তি; বিশিষ্ট কবি সনন্ত তাঁতীৰ দেহাৱসান

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular