spot_img
31 C
Guwahati
Sunday, September 26, 2021
spot_img
Homeআঞ্চলিকমহানগৰবাসীক সজাগ হ’বলৈ আহ্বান : নহ’লে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব চৰকাৰ

মহানগৰবাসীক সজাগ হ’বলৈ আহ্বান : নহ’লে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব চৰকাৰ

গুৱাহাটী: গুৱাহাটী মহানগৰবাসীক কিছু আৱেদন জনোৱাৰ উদ্দেশ্যে আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰে৷ ৰাজ্যত ক’ভিড ক্ৰমান্নয়ে হ্ৰাস পাবলৈ ধৰিছে যদিও সংক্ৰমণৰ হ্ৰাস কিছু কিছু জিলাত হোৱা নাই। সংবাদমেলৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে মহানগৰবাসীক সজাগ হ’বলৈ আহ্বান জনাইছে৷

মন্ত্ৰীগৰাকীৰ ভাষ্য অনুসৰি গুৱাহাটী মহানগৰীত হ্ৰাস পোৱা নাই ক’ভিডৰ ত্ৰাস৷ এইক্ষেত্ৰত কিছু ব্যৱস্থা গ্ৰহণ কৰাৰো সিদ্ধান্ত লোৱা হৈছে বুলিও উল্লেখ কৰে৷ গুৱাহাটীৰ ১,২০৪টা ভোটকেন্দ্ৰ আছে৷ ভেকচিন দিয়াৰ কাম ২৫ৰ পৰা ৩১ আগষ্টৰ ভিতৰত সম্পন্ন হ’ব মহানগৰীত৷ ভেকচিন দিয়া সপ্তাহ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও উল্লেখ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ৷

8929103776 নম্বৰত মিছ কল দিলে ওচৰৰ কেন্দ্ৰত লাভ কৰিব ভেকচিন৷ এই সমগ্ৰ দায়িত্বত থাকিব কামৰূপ মেট্ৰ’ৰ উপায়ুক্তৰ৷ শ্বপিং ম’ল, দোকানৰ কমৰ্চাৰীসকলে ক’ভিড ভেকচিন লোৱা চাৰ্টিফিকেট পিন্ধি নহ’লে আঁৰি থ’ব লাগিব৷ সজাগ নহ’লে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব চৰকাৰ৷ গুৱাহাটী মহানগৰীত ১৮ বছৰৰ ওপৰৰ ১৫ লাখৰ ভিতৰত ১৪ লাখ ১০ হাজাৰ লোকে ভেকচিন লৈছে বৰ্তমান৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
31 ° C
31.4 °
31 °
66 %
2.1kmh
40 %
Sun
34 °
Mon
35 °
Tue
32 °
Wed
29 °
Thu
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular