spot_img
25 C
Guwahati
25 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeআঞ্চলিকমেডিকেল কলেজৰ সংস্কাৰ অভিযান...

মেডিকেল কলেজৰ সংস্কাৰ অভিযান…

ডিজিটেল ডেস্ক : জিএমচিএইচত আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এখন সংবাদমেল সম্বোধন কৰে। স্বাস্থ্য বিভাগৰ ভালেমান গুৰুত্বপূৰ্ণ বিষয় এই সংবাদমেলত উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী মহন্তই৷ ২৫ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে ৮ খন মেডিকেল কলেজ হাস্পতালে সন্মুখীন হৈ অহা অসুবিধা সমূহৰ পৰ্যবেক্ষণ তথা এই বিষয়ে কৰ্তৃপক্ষৰ লগত হোৱা আলোচনাৰ পাছত সাধন কৰা বিভিন্ন সংস্কাৰৰ বিষয়ে জানিবলৈ দিয়ে৷

এই সংস্কাৰমূলক পদক্ষেপ অনুসৰি এতিয়াৰ পৰা দৈনিক ১৫০জন লোকক চিটিস্কেন কৰিব পাৰিব৷ এক হাজাৰ লোকৰ এক্স-ৰে কৰাৰ বাবে লক্ষ্য লোৱা হৈছে প্ৰতিদিনে৷ পূৰ্বে এম আৰ আই, চি টি স্কিন, ব্লাড টেষ্ট আদি নিৰ্দিষ্ট সময়লৈ আছিল অ’পিডিৰ ক্ষেত্ৰত, এতিয়াৰ পৰা আঠ বজাৰপৰা তিনি বজালৈ খোলা থাকিব আৰু চাৰি বজাৰ পৰা নিশা দহ বজালৈ অ’পিডি খোলা থাকিব আৰু সেৱাসমূহ উপলব্ধ হ’ব৷
ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত super specialty হাস্পতালখনৰ কাম সম্পন্ন হ’ব৷ চাৰিটা বিভাগ মূল জিএমচিএইচৰ পৰা গুচি যাব৷ চিকিৎসা মহাবিদ্যালয়ৰ অ’টিত নিশা দহ বজালৈ অস্ত্ৰোপচাৰ কৰিব পাৰিব বুলিও স্বাস্থ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ প্ৰতিদিনে ৰোগ নিৰাময় কৰাৰ চেষ্টা কৰা হৈছে বুলিও জানিবলৈ দিয়ে৷


অ’পিডি ৰোগীৰ ৰোগ চিনাক্ত একেদিনাই কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু অতি সোনকালে জি এম চি এইচৰ অনলাইন এপইন্টমেন্ট ব্যৱস্থা কৰা হ’ব৷ লগতে আই চি ইউৰ অভাৱ নাইকিয়া কৰা হ’ব৷
ইয়াৰ উপৰি জানুৱাৰীত চিকিৎসালয়সমূহত তেজৰ নমুনা সংগ্ৰহৰ কাউণ্টাৰ বৃদ্ধি কৰা হ’ব৷ জানুৱাৰী-ফেব্ৰুৱাৰীৰ ভিতৰত জিএমচিএইচত পৰিৱৰ্তন হ’ব৷ নতুন স্পেচিয়েলিটি হাস্পতালখনত সাতটা অ’টি থাকিব আৰু নতুন বছৰত নতুন ছুপাৰ স্পেছিয়েলিটি CN চেন্টাৰত হ’ব সকলো অনলাইন ব্যৱস্থা কৰা হ’ব৷ অসমৰ বাকী মেডিকেল কলেজত এই ব্যৱস্থা কৰাৰ কথা কোৱা হৈছে। পৰ্যায়ক্ৰমে সকলো চিকিৎসালয়ত হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular