spot_img
24 C
Guwahati
24 C
Guwahati
দেওবাৰ, ডিচেম্বৰ 5, 2021
Homeআন্তঃৰাষ্ট্ৰীয়যৌৱন কাল শেষ কাৰাগাৰতে ! বিনাদোষত ৪৩ বছৰ বন্দিত্বৰ পৰা মুক্তি

যৌৱন কাল শেষ কাৰাগাৰতে ! বিনাদোষত ৪৩ বছৰ বন্দিত্বৰ পৰা মুক্তি

ডিজিটেল ডেস্ক : বিনাদোষত ‘কাৰাবাস’ খাটিলে এজন ব্যক্তিয়ে৷ শুনি আচৰিত হ’লেও কিন্তু এয়া এক সঁচা ঘটনা৷ জীৱনৰ অতিকৈ গুৰুত্বপূৰ্ণ সময়ছোৱাটোৱেই বিনাকাৰণত বন্দী হৈ অৱশেষত ন্যায় লাভ কৰিলে আমেৰিকাৰ এজন লোকে৷ যুক্তৰাষ্ট্ৰৰ মিজোৰিৰ ৬২ বছৰীয়া কেভিন ষ্ট্ৰিকলেণ্ড নামৰ এজন লোকে ১৯৭৮চনৰ তিনিটা হত্যাকাণ্ডত অভিযুক্ত হৈ কাৰাবাস খাটি অৱশেষত বন্দিত্বৰ জীৱনৰ পৰা মুক্ত হ’ল৷

১৮ বছৰ বয়সতে ষ্ট্ৰিকলেণ্ডে হত্যাকাণ্ডত অভিযুক্ত হোৱা বুলি গ্ৰেপ্তাৰ কৰিছিল৷ বন্দিত্ব জীৱনৰ পৰা মুক্ত হৈ তেঁও কয় যে, “মই কেতিয়াও এই দিন আহিব বুলি ভবা নাছিলো৷” যি ঘটনাত তেখেতে বন্দিত্ব জীৱন কটাবলগীয়া হৈছিল, সেই ঘটনাত তেওঁক ভুলবশতে কাৰাবন্দী কৰি ৰাখিল বুলি প্ৰমাণিত হয়৷ তেখেতে ১৫,৪৮৭ দিন মুঠ কাৰাবাস খাটিলে বিনাদোষত৷

উল্লেখ্য যে দেশখনৰ ইতিসাহত এয়াই আটাইতকৈ দীঘলীয়া পৰ্যায়ৰ ভূল কাৰাবাস জীৱন কটোৱা ঘটনা৷ জীৱনৰ সবাটোকৈ গুৰুত্বপূৰ্ণ সময়ৰ ৪৩টা বছৰেই কাৰাবন্দিত্বৰ মাজেৰে পৰা কৰা ষ্ট্ৰিকলেণ্ডক মিজোৰিৰ আদালতে বুধবাৰে তাৎক্ষণিকভাৱে মুকলি কৰাৰ নিৰ্দেশ প্ৰদান কৰে৷ ১৯৭৮চনৰ ২৫ এপ্ৰিলত কাঁ চহৰত গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছিল, যিটো ঘটনাত মৃত্যু ঘটিছিল তিনিজন লোকৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular