spot_img
17 C
Guwahati
17 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকখাকী পোচাকধাৰীও সুৰক্ষিত নহয় এইখন অসমত ! এইবাৰ মহানগৰীত ঘটিল কি?

খাকী পোচাকধাৰীও সুৰক্ষিত নহয় এইখন অসমত ! এইবাৰ মহানগৰীত ঘটিল কি?

ডিজিটেল ডেস্ক : যিসময়ত চৰকাৰৰ বৰমূৰীয়াসকলে নাগৰিকৰ সুৰক্ষাৰ দিশটোৰ সন্দৰ্ভত ডাঙৰ-ডাঙৰ কথা কৈ আহিছে, সেই একে সময়তে সাধাৰণ নাগৰিকৰ কথা বাদেই, আৰক্ষীও যদি এইখন অসমত সুৰক্ষিত নহয় বুলি কওঁ কথাটো শুনি হয়তো আপোনাৰ নিশ্চয় আচহুৱা লাগিব৷ আপোনাৰ আচহুৱা যেন লাগিলেও সেই কাণ্ডই সংঘটিত হৈছে গুৱাহাটী মহানগৰত৷ নিশা মহানগৰত উদণ্ড যুৱকে আৰক্ষীৰ প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ অৱশ্যে এই ঘটনা অসমৰ ক্ষেত্ৰত কোনো নতুন নহয় যদিও বাৰে-বাৰে সংঘটিত হোৱা এনেধৰণৰ কাণ্ডই আৰক্ষী প্ৰশাসনৰ ফোপোলা দিশটোকে উদঙাই দিছে৷


খবৰ অনুসৰি, শুকুৰবাৰে মাজ নিশা পাণবজাৰ চেন্ট্ৰেল বেংকৰ সমীপত কৰ্তব্যৰত এজন যানবাহন আৰক্ষীৰ সৈতে এটা যুৱকৰ দলে প্ৰথমে কথাৰ কটাকটি হৈছিল৷ আৰক্ষীৰ লোকজনে যুৱকৰ দলটোক তীব্ৰ গতিত বাহন চলোৱাৰ কাৰণে বাহনখন ৰাখিবলৈ কৈছিল৷ যুৱকজনে বাহন ৰখোৱাৰ পৰিৱৰ্তে তেওঁৰ আন কেইজনমান যুৱকক মাতি আনি আৰক্ষীলোক দুজনক ওপৰত উপৰ্যুপৰি প্ৰহাৰ কৰে৷ আক্ৰমণৰ বলি হোৱা আৰক্ষী লোক দুুজন ক্ৰমে- লতাশিল আৰু পাণবজাৰ আৰক্ষী থানাৰ৷


যান-বাহন আৰক্ষীৰ এজাহাৰৰ ভিত্তিত পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৬ উদণ্ড যুৱকক৷ জানিব পৰা মতে প্ৰহাৰ কৰা উদণ্ড যুৱক এজন পাণবজাৰ থানাত কৰ্মৰত কমল ৰয়ৰ পুত্ৰ অংকুৰজ্যোতি ৰয়। আনকেইজন হৈছে গীতশংকৰ মজুমদাৰ, হিমাশু চৌধুৰী, নিৰজ দত্ত, প্ৰতীম দাস আৰু অনুভৱ পান্দে৷ পাণবজাৰ থানাত গোচৰ panbazar PS case no 599/21 u/s 279/143/325/307/506 IPC ধাৰাৰ অধীনত যুৱককেইজনক আটক কৰি আটাইকেইজন অভিযুক্তকে আদালতত হাজিৰ কৰোঁৱা হৈছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular