spot_img
25 C
Guwahati
25 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeক্ৰীড়ালাভলীনাসহ ১২গৰাকীলৈ 'মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা'

লাভলীনাসহ ১২গৰাকীলৈ ‘মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা’

নতুন দিল্লী : দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে নিৰ্বাচিত হৈছে টকিঅ’ অলিম্পিক বিজয়ী লাভলীনা বৰগোহাঁই৷ খেলৰত্ন লাভ কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে পুনৰ ৰাজ্যবাসীলৈ কঢ়িয়াই আনিছে গৌৰৱ লাভলীনাই। কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগে ঘোষণা কৰা ২০২১ বৰ্ষৰ ক্ৰীড়া বঁটাৰ তালিকাত লাভলীনাই স্থান লাভ কৰিছে। ইয়াৰ পূৰ্বে লাভলীনাই লাভ কৰিছিল অৰ্জুন সন্মান।

দেশৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা বিজয়ীৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পাইছে। অহা ১৩ নৱেম্বৰত ৰাষ্ট্ৰপতি ভৱনত খেলুৱৈকসকলক ক্ৰীড়া বঁটাসমূহ প্ৰদান কৰা হ’ব। মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা লাভৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা খেলুৱৈসকল ক্ৰমে, নীৰজ চোপ্ৰা (এথলেটিকছ), ৰবি কুমাৰ (মল্লযুদ্ধ), লাভলীনা বৰগোহাঁই (বক্সিং), পিআৰ শ্ৰীজেশ (হকী), অৱনী লেখাৰা (পেৰা শ্বুটিং), সুমিত এণ্টিল (পেৰা এথলেটিকছ), প্ৰমোদ ভগত (পেৰা বেডমিণ্টন), কৃষ্ণ নগৰ (পেৰা বেডমিণ্টন), মনীষ নাৰৱাল (পেৰা শ্বুটিং), মিতালী ৰাজ (ক্ৰিকেট), সুনীল ছেত্ৰী (ফুটবল), মনপ্ৰীত সিং (হকী)।

অৰ্জুন বঁটা লাভ কৰা খেলুৱৈ

ইপিনে অৰ্জুন বঁটা লাভ কৰা খেলুৱৈসকল ক্ৰমে আৰপিন্দৰ সিং (এথলেটিকছ), চিমৰণজিৎ কৌৰ (বক্সিং), শিখৰ ধাৱান (ক্ৰিকেট), চি.এ. ভৱানী দেৱী (ফেন্সিং), মনিকা (হকী), বন্দনা কাটাৰিয়া (হকী), সন্দীপ নাৰৱাল (কাবাডী), হিমানী উত্তম পৰব (মাললাখাম্ব), অভিষেক বাৰ্মা (শ্বুটিং), অংকিতা ৰাইনা (টেনিছ), দীপক পুনিয়া (মল্লযুদ্ধ), দিলপ্ৰীত সিং (হকী), হৰমনপ্ৰীত সিং (হকী), ৰূপিন্দৰ পাল সিং (হকী), সুৰেন্দ্ৰ কুমাৰ (হকী), অমিত ৰোহিদাস (হকী), বীৰেন্দ্ৰ লাকডা (হকী), সুমিত (হকী), নীলকান্ত শৰ্মা (হকী), হাৰ্দিক সিং (হকী), বিবেক সাগৰ প্ৰসাদ (হকী), গুৰজন্ত সিং (হকী), মনদীপ সিং (হকী), চামছেৰ সিং (হকী), ললিত কুমাৰ উপাধ্যায় (হকী), বৰুণ কুমাৰ (হকী), চিমৰণজিৎ সিং (হকী), যোগেশ কাথুনিয়া (পেৰা এথলেটিকছ), নিশাদ কুমাৰ (পেৰা এথলেটিকছ), প্ৰবীণ কুমাৰ (পেৰা এথলেটিকছ), সুহাশ যতীৰাজ (পেৰা বেডমিণ্টন), সিংৰাজ আধানা (পেৰা শ্বুটিং), ভাৱনা পেটেল (পেৰা টেবল টেনিছ), ৩৪. হৰবিন্দৰ সিং (পাৰা আৰ্চাৰী) শৰদ কুমাৰ (পেৰা এথলেটিকছ)।দ্ৰোণাচাৰ্য বঁটাৰ বাবে মুঠ ১০ জন প্ৰশিক্ষক বাছনি কৰা হৈছে– জীৱনজোৰা সাধনাৰ শ্ৰেণীত টিপি ওচেফ (এথলেটিকছ), চৰকাৰ তলৱাৰ (ক্ৰিকেট), সৰপাল সিং (হকী), আশান কুমাৰ (কাবাডী) আৰু তপন কুমাৰ পানীগ্ৰাহী (সাঁতোৰ)ক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

আনহাতে নিয়মীয়া দ্ৰোণাচাৰ্য শ্ৰেণীৰ বিজয়ীসকল হৈছে ৰাধাকৃষ্ণণ নায়াৰ পি (এথলেটিকছ), সন্ধ্যা গুৰুং (বক্সিং), প্ৰীতম চিৱাচ (হকী), জয় প্ৰকাশ নটিয়াল (পেৰা শ্বুটিং) আৰু সুব্ৰমনিয়াম ৰমন (টেবল টেনিছ)। প্ৰাক্তন বিশ্ব আৰু এছিয়ান চেম্পিয়ন বক্সাৰ লেখা কেচি, অভিজিত কুন্তে (দবা), দাবিন্দৰ সিং গাৰ্চা (হকী) আৰু বিকাশ কুমাৰ (কাবাডী)ৰ সৈতে তেওঁৰ জীৱনজোৰা কৃতিত্বৰ বাবে সজ্জন সিং (মল্লযুদ্ধ) ধ্যানচান্দ বঁটাৰ বাবে নিৰ্বাচিত হৈছে। মৌলানা আবুল কালাম আজাদ বঁটা লাভ কৰিছে পঞ্জাৱ বিশ্ববিদ্যালয়, চণ্ডিগড়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular