spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeৰাষ্ট্ৰীয়চাৰিদিন পূৰ্বে সাংবাদিকক অপহৰণ; পথৰ দাঁতিত উদ্ধাৰ হ’ল জ্বলি যোৱা মৃতদেহ ,...

চাৰিদিন পূৰ্বে সাংবাদিকক অপহৰণ; পথৰ দাঁতিত উদ্ধাৰ হ’ল জ্বলি যোৱা মৃতদেহ , আঁৰত মেডিকেল মাফিয়া!

ডিজিটেল ডেস্ক : চাৰিদিনৰ পূৰ্বে অপহৃত হৈছিল এগৰাকী সাংবাদিক। চাৰিদিনৰ পাছত উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ । তাকো জ্বলি যোৱা অৱস্থাত পথৰ দাতিত কোনোবাই পেলাই থৈ গ’ল সাংবাদিকজনৰ মৃতদেহ। ভাৰতত সাংবাদিক হত্যা তথা সংবাদ মাধ্যমৰ কণ্ঠৰোধৰ চেষ্টা নতুন কথা নহয় যদিও এই শিহৰণকাৰী ঘটনাই এতিয়া সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। সাংবাদিকগৰাকী বুদ্ধিনাথ ঝা ওৰফে অবিনাশ ঝা বুলি চিনাক্ত কৰা হৈছে। ২২বছৰীয়া সাংবাদিক তথা আৰটিআই কৰ্মীগৰাকী বিহাৰৰ মধুবনী জিলাৰ অন্তৰ্গত এখন গাঁৱৰ বাসিন্দা।

তেওঁ স্থানীয় এটা প’ৰ্টেলৰ বাবে কাম কৰি আছিল। এখন ভুৱা মেডিকেল ক্লিনিকৰ বাতৰি প্ৰচাৰ কৰাৰ দুদিনৰ পাছতে তেওঁ সন্ধানহীন হৈ পৰিছিল। তেওঁৰ ধাৰাবাহিক বা-বাতৰিৰ বাবেই এনে বহু ভুৱা ক্লিনিক বন্ধ হৈ পৰাৰ উপক্ৰম ঘটিছিল আৰু বহুতেই বুজন পৰিমাণৰ জৰিমণা ভৰিবলগীয়া হৈছিল। এই প্ৰতিবেদনবোৰ প্ৰকাশ হোৱাৰ পাছতে তেওঁক বাৰম্বাৰ ভাবুকি দিছিল এই ক্লিনিকবোৰৰ অসাধু চক্ৰই।

আনকি তেওঁক কেইবালাখ টকাৰ ভেটিও যচা হৈছিল। কিন্তু একোটে তেওঁ সৈমান নহ’ল আৰু এই ভুৱা ক্লিনিকৰ বিৰুদ্ধে প্ৰতিবেদন প্ৰকাশ কৰি গ’ল। অৱশেষত অপৰাধৰ ৰম্যভূমি বিহাৰৰ সাংবাদিকগৰাকীক পথৰ পৰা আঁতৰোৱাৰ চৰম ব্যৱস্থা গ্ৰহণ কৰিলে দুষ্কৃতিকাৰীয়ে। সাংবাদিকজনৰ জ্বলি যোৱা মৃতদেহ পথৰ দাতিত উদধাৰ হোৱাৰ পাছতে আৰক্ষীয়ে জোৰদাৰ তদন্ত আৰম্ভ কৰিছে দুষ্কৃতিকাৰীক কৰায়ত্ত কৰাৰ বাবে কিন্তু এতিয়ালৈ কোনো ক্লু লাভ কৰা নাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular