spot_img
19 C
Guwahati
19 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকবজাৰৰপৰা আহোঁতে অপহৰণ; তাৰপাছত কিশোৰক হত্যা কৰি পুখুৰীত পেলালে ছফিকুল-ৰফিকুলে!

বজাৰৰপৰা আহোঁতে অপহৰণ; তাৰপাছত কিশোৰক হত্যা কৰি পুখুৰীত পেলালে ছফিকুল-ৰফিকুলে!

ডিজিটেল ডেস্ক: অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে বৰ্তমান সময়ত সষ্টম হৈছে আৰক্ষী-প্ৰশাসন৷ তথাপি সঘনাই অপৰাধজনিত ঘটনাই দখল কৰিছে শিৰোনাম৷ এইবাৰ পোহৰলৈ আহিছে আন এক শোকাৱহ হত্যাকাণ্ড, যি হত্যা কাণ্ডই জোকাৰি গৈছে সমগ্ৰ বৰপেটা জিলাক৷ বৰপেটাৰোডৰ সমীপৰ জাখলীবিলত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় এটি কিশোৰৰ মৃতদেহ৷

মৃত কিশোৰটি জাখলীবিল গাঁৱৰ নজৰুল হকৰ পুত্ৰ মফিদুল হক(১১) বুলি জানিব পৰা গৈছে৷ আমালৈ অহা খবৰ অনুসৰি, বুধবাৰে সন্ধিয়াৰে পৰাই সন্ধানহীন হৈ আছিল কিশোৰটি৷ বুধবাৰে সন্ধিয়া বজাৰৰ পৰা অহাৰ পথতে গাঁওখনৰে এটি পৰিয়ালৰ দুই ভাতৃয়ে কিশোৰজনক অপহৰণ কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে৷ পাছত হত্যা কৰি পুখুৰীত পেলায় থৈ যোৱাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে।


ইপিনে পৰিয়ালৰ অভিযোগৰ ভিত্তিত শিমলাগুৰি আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছে দুই ভাতৃক৷ আটকাধীন দুই ভাতৃ ক্ৰমে ছফিকুল ইছলাম আৰু ৰফিকুল ইছলাম৷ এই ঘটনাক লৈ ইতিমধ্যে সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে চাঞ্চল্যৰ৷ পৰিয়ালৰ অভিযোগ যে, ছফিকুল ইছলাম আৰু ৰফিকুল ইছলাম নামৰ দুই ভাতৃয়ে সংঘটিত কৰিছে এই হত্যাকাণ্ড৷ ইতিমধ্যে ঘটনাস্থলীত শিমলাগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে দুই অভিযুক্তক আটক কৰি তদন্ত আৰম্ভ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular