ক’মা অৱস্থাত চিকিৎসাধীন একনায়কত্ববাদী শাসক কিম জং উন!

পোংয়াং : উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ স্বাস্থ্যক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে। ভালেমান সংবাদপত্ৰত প্ৰকাশ পোৱা মতে, কিম জন উনৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক আৰু তেওঁ ক’মা অৱস্থালৈ গতি কৰিছে। তেওঁৰ অৱৰ্তমানত কিমৰ ভগ্নী কিম য়ো জঙে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহ পৰিচালনা কৰিব।

আৰু পঢ়িব পাৰিব: শ্ৰীৰামপুৰত গৰুসহ ট্ৰাক জব্দঃ তিনিজনক আটক

দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কিম ডায়ে জাংৰ সহযোগী চাং ছং মিনৰ উদ্ধৃতিৰে ভালেমান সংবাদ মাধ্যমে প্ৰকাশ কৰিছে কিম জং উনৰ গুৰুতৰ অসুস্থতাৰ খবৰ। চাং ছং মিন-এ প্ৰকাশ কৰে যে, ‘মোৰ ধাৰণা মতে কিম জং উন এতিয়া ক’মা অৱস্থাত আছে কিন্তু তেওঁৰ জীৱনৰ এতিয়াও সমাপ্তি হোৱা নাই।’ দ্য কোৰিয়ান হেৰাল্ড কাকতত তেওঁৰ এই মন্তব্য প্ৰকাশ পাইছে।

আৰু পঢ়িব পাৰিব: আকোৰগোঁজ চীনৰ বিৰুদ্ধে চলিব ভাৰতৰ সামৰিক অভিযান!

তেওঁ কিম জং উন ক’মা অৱস্থাত থকাৰ কথা চীনৰ এক সূত্ৰৰ পৰা লাভ কৰা বুলিও উল্লেখ কৰিছে। বিভিন্ন সময়ত উত্তৰ কোৰিয়াৰ শাসকগৰাকীৰ স্বাস্থ্য তথা মৃত্যুক লৈ নানা চৰ্চা চলি আহিছে। একাধিকবাৰ তেওঁৰ মৃত্যু হোৱা বুলিও বাতৰি প্ৰকাশ হৈ আহিছে। অৱশ্যে তাৰ পাছতে নাটকীয়ভাৱে তেওঁ সকলোৰে সন্মুখলৈ অহা দেখা গৈছে। কিন্তু শেহতীয়াকৈ দীৰ্ঘদিন ধৰি কিম জং উনৰ ৰাজহুৱা উপস্থিতি পৰিলক্ষিত হোৱা নাই।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES