‘আল্লাহু আকবৰ’ ধ্বনি দি গীৰ্জাত মহিলাৰ শিৰচ্ছেদ সন্ত্ৰাসবাদীৰ

নাইচ : ফ্ৰান্সত সংঘটিত হৈছে ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। দেশখনৰ নাইচ মহানগৰত থকা এটা গীৰ্জাত এজন অস্ত্ৰধাৰী লোকে আক্ৰমণ সংঘটিত কৰি তিনিজন লোকক হত্যা কৰে। লোকজনে ‘আল্লাহু আকবৰ’ বুলি চিঞৰি এগৰাকী মহিলাৰ শিৰচ্ছেদ কৰাৰ লগতে আন দুজন লোককো হত্যা কৰে।

আৰু পঢ়িব পাৰিব : আইচিইউতো সুৰক্ষিত নহয় নাৰী! যৌন নিৰ্যাতনৰ জঘন্য ঘটনা পোহৰলৈ

দেশখনক আৰক্ষী তথা নাইচৰ মেয়ৰ খ্ৰীষ্টিয়ান এষ্ট্ৰ’ছীয়ে এই ঘটনাক সন্ত্ৰাসবাদীৰ আক্ৰমণ বুলি অভিহিত কৰিছে। টুইটাৰত এষ্ট্ৰ’ছীয়ে লিখিছে, ‘মহানগৰৰ উপকণ্ঠৰ ন’ট্ৰে ডেম গীৰ্জাত এই ঘটনা সংঘটিত হৈছে। আক্ৰমণকাৰী লোকজনে আল্লাহু আকবৰ বুলি শ্লোগান দি এই ঘটনা সংঘটিত কৰে।

আৰু পঢ়িব পাৰিব : চিৰাঙৰ ৰুণিখাতাত বৃহৎ পৰিমাণৰ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ

লোকজনক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিূবলৈ সক্ষম হৈছে।’ আৰক্ষীয়ে অস্ত্ৰধাৰী লোকজনক গুলীওৱা বুলিও তেওঁ প্ৰকাশ কৰে। আঘাতপ্ৰাপ্ত লোকজনক হাস্পতাললৈ নিয়া হৈছে আৰু তেওঁ জীৱিত অৱস্থাতে আছে। লোকজন কোনো সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত হয় নে নহয় সেই বিষয়ে জানিবপৰা হোৱা নাই।

Show More

Related Articles

Back to top button