spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeক্ৰীড়াঅন্তৰ্ধান কোহলী! মেডাম তুছাড মেছী-ৰোনাল্ডৰে কি কৰিছে ৰান মেছিনে?

অন্তৰ্ধান কোহলী! মেডাম তুছাড মেছী-ৰোনাল্ডৰে কি কৰিছে ৰান মেছিনে?

নতুন দিল্লী: আৰম্ভ হৈছে বিশ্বকাপ। অষ্ট্ৰেলিয়াৰ বিৰূদ্ধে প্ৰস্তুতি খেলত জয়লাভৰ পাছতে দেখা দেখি নাই কোহলীৰ। ক্ষণিকৰ বাবে এক হুৱাদুৱা ময় পৰিৱেশে বিৰাজ কৰে ডুবাইত। অনুসন্ধানৰ পাছতহে পোহৰলৈ আহিল প্ৰকৃত সত্য। এই সত্যৰ উদঘাটন কৰাৰ পূৰ্বে আমি আলোকপাত কৰিব লাগিব ফুটবলৰ কথা। বিশ্ব ফুটবল আলোকিত কৰি ৰাখিছে লিয়োনেল মেছী আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডোই। অৱশ্যে, দুয়োৰে মাজত প্ৰতিফলিত হয় তুমুল প্ৰতিযোগিতাৰ। কোনে কাক অতিক্ৰম কৰিব, কোন সৰ্বশ্ৰেষ্ঠ , তাৰেই যেন অঘোষিত প্ৰতিযোগিতা এখন প্ৰতি নিয়ত চলি থাকে দুয়োৰে মাজত। কেৰিয়াৰ বিভিন্ন সাফল্যত সমৃদ্ধ দুই তাৰকা।

দুটা ভিন্ন কেন্দ্ৰবিন্দুত থাকিও একে স্থান অধিকাৰ কৰিছে দুই তাৰকাই। তাৰ মাজতে পোহৰলৈ আহিছে এটা আচৰ্যকৰ খবৰ। দুই তাৰকাৰ মাজত প্ৰৱেশ কৰিছে কিং কোহলী। ক্ৰিকেট তাৰকা বিৰাট কোহলীয়ে দুয়োগৰাকী ফুটবল কিংবদন্তিৰ কাষত স্থান পাইছে। উল্লেখ যে, অলপতে ডুবাইৰ মেডাম তুছাড এটা সংগ্ৰহালয় মুকলি কৰা হৈছে। তিনিওজন তাৰকাক ডুবাইৰ নৱনিৰ্মিত মেডাম তুছাড সংগ্ৰহালয়ত একেশাৰীতে দেখিবলৈ পোৱা গৈছে। মমৰ ভাস্কৰ্যত প্ৰাণ পাই উঠিছ জগত সমৃদ্ধ এই ত্ৰিমূৰ্তি।

আৰু পঢ়কঃ পাচলি কিনিবলৈ গৈ দুই ভগ্নীয়ে ল’লে ভয়ংকৰ পদক্ষেপ! ৰসহ্যঘন ঘটনাটোত আৰক্ষীও হায়ৰাণ

স্মৰ্তব্য যে, এক্সপো-২০২০ৰ লগতে বৰ্তমান টি-২০ বিশ্বকাপো চলি আছে ডুবাইৰ মৰু চহৰত। এই দুটা অনুষ্ঠানৰ বাবে পৃথিৱীৰ বিভিন্ন দেশৰ পৰ্যটকৰ আগমন দেখিবলৈ পোৱা গৈছে ডুবাইত। মেডাম তুছাডে পৰ্যটকসকলক আকৰ্ষিত কৰিবলৈ তাত এটা সংগ্ৰহালয় খুলিছে। সেই সংগ্ৰহালয়তে এইবাৰ স্থান পাইছে মেছী,ৰোনাল্ডো আৰু কোহলীৰ ভাস্কৰ্য। কেবল এই ত্ৰিমূৰ্তিয়েই নহয়, সৰ্বমুঠ ৬০গৰাকী তাৰকাক স্থান দিয়া হৈছে সংগ্ৰহালয়টোত। পৰ্যটকক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ডুবাইত এই ব্যৱস্থা হাতত লোৱা বুলি জানিবলৈ পোৱা গৈছে। ভৱিষ্যতে অধিক আটোম-টোকাৰিকৈ ডুবাইক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিবলৈও বিকল্প ব্যৱস্থা হাতত ল’ব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই সদৰী কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular