spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআঞ্চলিকএনকাউণ্টাৰৰ তদন্ত হ'ব; সুৰ সলনি বি.টি.আৰ প্ৰধান প্ৰমোদ বড়োৰ

এনকাউণ্টাৰৰ তদন্ত হ’ব; সুৰ সলনি বি.টি.আৰ প্ৰধান প্ৰমোদ বড়োৰ

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ উল্টাপানীত অসম আৰক্ষীৰ গুলীত দুজন যুৱকে মৃত্যুবৰণ কৰা ঘটনা সন্দৰ্ভত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে মন্তব্য আগবঢ়ায়। কোকৰাঝাৰ চহৰৰ বড়োফা নগৰস্থিত বিটিচি সচিবালয়ত আজি সাংবাদিকৰ সন্মুখত প্ৰমোদ বড়োৱে কয় যে, ‘আমি কোনো কাৰণতে নিবিচাৰো এজন নিৰীহ যুৱকে মৃত্যুক আকোঁৱালি লওক৷ বড়োলেণ্ডত এয়া আজিৰ ঘটনা নহয়৷ দশক পৰা দশক ধৰি এনে ঘটনা ঘটি আছে৷ গতিকে ইয়াৰ এটা স্থায়ী সমাধান আনিব লাগিব।’


কোকৰাঝাৰৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰে আলোচনা কৰা বুলিও নেতাগৰাকীয়ে ব্যক্ত কৰে। নেতাগৰাকীয়ে লগতে কয় যে, ‘তেনেকুৱা কোনো এজন ব্যক্তিক ভুৱা সংঘৰ্ষ বা বিনাকাৰণত মৃত্যু হোৱাটো কোনোৱে নিবিচাৰে আৰু সহ্য নকৰে, গতিকে এই ঘটনাৰ ওপৰতো তদন্ত হ’ব বুলি বিচিচিপ্ৰধানগৰাকীয়ে কয়। অনাগত দিনত যাতে তেনেকুৱা কোনো কাৰণতে হত্যা-হিংসাৰ ঘটনা নহয়, তাৰ বাবে পুলিচ প্ৰশাসনকো আহ্বান জনায়৷ লগতে নিজ জনগোষ্ঠীৰ কিছু কিছুৱে সদায় অস্ত্ৰ-শস্ত্ৰ লোৱাৰ কথা কয়, মানুহৰ জীৱনক লৈ হেতালি খেলি ভাল পায়, সংঘৰ্ষ আৰু পৰিস্থিতি গৰম কৰি ৰাখিব বিচাৰে৷

এনেকুৱা পৰিৱেশ থাকিলে বড়োভূমিৰ শিক্ষা-দীক্ষা অৰ্থনৈতিক দিশ আগুৱাই যোৱাত সদায় কঠিন হ’ব বুলি আক্ষেপ প্ৰকাশ কৰে প্ৰমোদ বড়োৱে৷ বৰ্তমানৰ সময় অস্ত্ৰ-শস্ত্ৰ লোৱাৰ নহয়, সমাজখনক আগবঢ়াই নিয়াৰহে সময় বুলি কৈ শান্তিৰে জীৱন অতিবাহিত কৰিবলৈ আহ্বান জনায়৷ এইক্ষেত্ৰত সকলোকে আৱেগ পৰিহাৰ কৰি শান্তি-সম্প্ৰীতি আৰু কঠোৰ পৰিশ্ৰমৰে সমাজখনক আগুৱাই নিয়াৰো আহ্বান জনায়৷ বিটিআৰ চুক্তিৰ দফা ৰূপায়ণৰ কাম-কাজ চলি থকা, এনডিএফবিৰ গোটৰ পুনঃসংস্থাপনৰ কাম আৰম্ভৰ লগতে ইতিমধ্যে ২৭৪টা আন্দোলনকাৰীৰ বিভিন্ন গোচৰ নিস্পত্তি হোৱাৰ বিষয়ে অৱগত কৰে৷ চিবিআই আৰু নিয়াত থকা গোচৰসমূহ নিস্পত্তিৰ কাম চালিজাৰি চোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা জনায় প্ৰমোদ বড়োৱে।

উল্লেখ্য যে, বিটিআৰ চীফ প্ৰমোদ বড়োই আজি সচিবালয়ত চৰকাৰৰ অংশীদাৰী গোট গণ সুৰক্ষা পাৰ্টী আৰু অবড়ো সুৰক্ষা সমিতিৰ নেতৃত্বৰে এক সোহাদ্যমুলক আলোচনাত বহাৰ কথা জানিবলৈ দি কয় যে, ‘বিটিআৰত বড়োৰ লগতে সকলো জাতি-জনগোষ্ঠীৰে নিজৰ নিজৰ পৰিচয়ৰ অস্তিত্ব জীয়াই থাকিব আৰু সকলোৱে শান্তিৰে আগবাঢ়ি যাব পাৰিব।’ আনহাতে, বৈঠকত গণসুৰক্ষা দলৰ হৈ সাংসদ নৱ কুমাৰ শৰণীয়াও উপস্থিত থাকে৷ কোকৰাঝাৰৰ ঘটনাক লৈ বিনা কাৰণতে কোনো এজন যুৱকে তেজ দিব লগা নহয় আৰু এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে আহ্বান জনায়৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular