spot_img
28 C
Guwahati
Friday, September 17, 2021
spot_img
Homeআঞ্চলিকৰাজ্য কঁপোৱা দুই কিশোৰীৰ ধৰ্ষণ-হত্যাৰ অভিযোগনামা দাখিল : কি হ'ব শাস্তি ?

ৰাজ্য কঁপোৱা দুই কিশোৰীৰ ধৰ্ষণ-হত্যাৰ অভিযোগনামা দাখিল : কি হ’ব শাস্তি ?

কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ অভয়াকুটিত সংঘটিত হোৱা দুই জনজাতীয় কিশোৰীৰ লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত অৱশেষত আৰক্ষীয়ে আজি আদালতত ৮৫০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে । যোৱা ১১ জুনত দুই জনজাতীয় নাবালিকাৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱাৰ পাছত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা কৰাটো প্ৰাথমিক তদন্তত ওলাই পৰাত ১২ জুনত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ অধ্যক্ষতাত এছআইটি গঠন কৰা হয় আৰু এছআইটিয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়ে ।

ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত ১৩ জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভুক্তভোগীৰ পৰিয়ালত খবৰ ল’বলৈ উপস্থিত হোৱাৰ লগতে আৰক্ষীক তদন্ত ক্ষীপ্ৰতৰ কৰি তুলিবলৈ নিৰ্দেশ দিছিল। আজি কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত হোৱা এখন সংবাদমেলত বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি ড° এল আৰ বিষ্ণয়ে কয় যে এছআইটিয়ে ক্ষিপ্ৰগতিৰে তদন্ত সম্পন্ন কৰাৰ অন্তত সকলো বিষয় সাঙুৰি আজি আদালতত ৮৫০ পৃষ্ঠাৰ চূড়ান্ত অভিযোগনামা দাখিল কৰে কোকৰাঝাৰ আৰক্ষীয়ে।

মুল অভিযুক্ত ক্ৰমে জিলাখনৰে শালবাৰীৰ মুজাম্মেল শ্বেখ (২০) , নছিবুল আলি শ্বেখ (১৯ ) আৰু ফৰিজুল ৰহমান(২২)ৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ পাছত আইনমতে তেওঁলোকৰ শাস্তি হব বুলি আশা প্ৰকাশ কৰিছে বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি ড° এল আৰ বিষ্ণইৱে।

তদন্তকালত আৰক্ষীয়ে বৰপেটাস্থিত ফকৰুদ্দিন আলি চিকিৎসা মহাবিদ্যালয়ৰ অভিজ্ঞ চিকিৎসকৰ দলৰ দ্বাৰা ১২ টা বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মৰণোত্তৰ পৰীক্ষা সম্পাদন কৰিছিল আৰু নাৱালিকা দুগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি প্ৰমাণিত হৈছিল । ধৰ্ষণৰ বলি হোৱাৰ পিছত কিশোৰীদ্বয়ে পৰিয়াল তথা ৰাইজক সমগ্ৰ ঘটনা অৱগত কৰাৰ ভাবুকি দিয়াত মুল তিনি অভিযুক্তই তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰি নাৱালিকা দুগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ ওৰণি দুফাল কৰি দুয়োজন কিশোৰীকে আমগছত ওলোমাই ৰাখিছিল বুলিও তিনি মুল অভিযুক্তই স্বীকাৰোক্তি প্ৰদান কৰিছিল ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
broken clouds
28 ° C
28 °
28 °
83 %
0kmh
75 %
Fri
27 °
Sat
30 °
Sun
31 °
Mon
31 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular