spot_img
26 C
Guwahati
Monday, September 27, 2021
Homeৰাষ্ট্ৰীয়উঠাব পাৰিবনে ভাৰ? ভেন্দিৰ কিলো ৮০০ টকা!

উঠাব পাৰিবনে ভাৰ? ভেন্দিৰ কিলো ৮০০ টকা!

ডিজিটেল ডেস্কঃ ‘পতা হে তুঝে, ভিণ্ডী বাৰহ ৰুপয়ে কিলো হো গয়ী হ্যে’- বলীউডৰ ছুপাৰহিট ছবি ‘থ্ৰী ইডিয়টছ’ৰ সেই ব্লেক এণ্ড হোৱাইট দৃশ্যটো সকলোৰে মানসপটত জিলিকি আছে। কিন্তু সেই ভেন্দি ১২ টকাতে ক্ষান্ত থকা নাই, ৮০০ টকা প্ৰতি কেজি চুইছেগৈ ভেন্দিৰ দামে। অত্যাৱশ্যকীয় সামগ্ৰীৰ দামে খাতি খোৱা সৰ্বসাধাৰণক ভাৰাক্ৰান্ত কৰি আহিছে।

এইবাৰ বজাৰলৈ আহিছে ৮০০ টকীয়া ভেন্দি! মধ্য প্ৰদেশৰ ভূপাল জিলাৰ এজন খেতিয়কে উৎপাদন কৰিছে ৮০০ টকীয়া এই বিশেষ ৰঙা ভেন্দি। মিশ্ৰিলাল ৰাজপুত নামৰ খেতিয়কজনে জনোৱা মতে তেওঁ বাৰাণসীৰ এক কৃষি গৱেষণা কেন্দ্ৰৰপৰা ১কিলোগ্ৰাম বীজ আনি সিঁচিছিল। জুলাই মাহৰ প্ৰথম সপ্তাহত সিঁচা বীজখিনি প্ৰায় ৪০ দিনৰ ভিতৰত বাঢ়িবলৈ আৰম্ভ কৰে। আৰু ইয়াত তেওঁ কোনোধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হোৱা নাই বুলিও জানিবলৈ দিয়ে। ৰাজপুতে এই ৰঙা ভেন্দিৰ উপকাৰিতাৰ বিষয়েও জনায়।

তেওঁ কয় যে, ভেন্দিৰ এই প্ৰজাতিটো সাধাৰণ সেউজীয়া ভেন্দিতকৈ বহুগুণে উপকাৰী তথা পুষ্টিকৰ। হৃদৰোগ, ৰক্তচাপ, মধুমেহ, কলেষ্টেৰল আদিৰ সমস্যাত ভুগা মানুহৰ বাবে ই বাৰুকৈয়ে উপকাৰী বুলিও তেওঁ জনায়। প্ৰতি একৰ ভূমিত ৪০-৫০ কুইণ্টলৰ পৰা ৭০-৮০ কুইণ্টললৈকে এই ৰঙা ভেন্দি উৎপাদিত হ’ব পাৰে বুলি খেতিয়কজনে প্ৰকাশ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
26 ° C
26 °
26 °
89 %
0kmh
75 %
Mon
26 °
Tue
31 °
Wed
29 °
Thu
29 °
Fri
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular