spot_img
13 C
Guwahati
13 C
Guwahati
শুক্ৰবাৰ, জানুৱাৰী 28, 2022
Homeৰাষ্ট্ৰীয়এটা আচৰিত মন্দিৰ! ফুল,ভোগ,প্ৰসাদ নহয় ইয়াত দেৱী মাৰ ওচৰত আগবঢ়োৱা হয় জোতা-চেণ্ডেল

এটা আচৰিত মন্দিৰ! ফুল,ভোগ,প্ৰসাদ নহয় ইয়াত দেৱী মাৰ ওচৰত আগবঢ়োৱা হয় জোতা-চেণ্ডেল

ডিজিটেল ডেস্কঃ মন্দিৰ হৈছে দেৱ-দেৱী, ভগৱানৰ উপসনাস্থলী। মন্দিৰক এক অতি পৱিত্ৰ স্থান বুলি গণ্য কৰা হয়, সেয়েহে যেতিয়াই মানুহে মন্দিৰলৈ যায়, তেওঁলোকে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাৰে ফুলৰ মালা আৰু অন্যান্য নৈবেদ্য লৈ যায়। মন্দিৰত ভগৱানৰ ওচৰত ভোগ, প্ৰসাদ আদি আগবঢ়োৱা হয়। কোনো মানুহেই কেতিয়াও মন্দিৰৰ ভিতৰত জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰে। মন্দিৰৰ বাহিৰত জোতা-চেণ্ডেল খুলি প্ৰৱেশ কৰাটোৱেই ভক্তৰ নিয়ম। কিন্তু আমাৰ দেশ ভাৰততে আছে এটা আচৰিত মন্দিৰ। এই মন্দিৰত দেৱীৰ ওচৰত জোতা-চেণ্ডেল আগবঢ়ায়। মন্দিৰটো আছে কৰ্ণাটকত। কৰ্ণাটকৰ গুলবাৰ্গ জিলাত আছে মন্দিৰটো। মন্দিৰটোৰ নাম লকম্মা দেৱীৰ মন্দিৰ। এই মন্দিৰটো জোতা উৎসৱৰ বাবে বিখ্যাত।

এই উৎসৱ প্ৰতি বছৰে দেৱালীৰ ষষ্ঠ দিনা অনুষ্ঠিত হয়। মনৰ আশা পূৰণ হবলৈ মন্দিৰ চৌহদত অৱস্থিত গছত মানুহে জোতা আৰু চেণ্ডেল বান্ধি ওলোমাই ৰাখে। এনে কৰাৰ ফলত মানুহৰ ভৰি বা আঁঠুৰ বিষ চিৰদিনৰ পৰা নোহোৱা হয় আৰু দুষ্ট শক্তিৰ পৰা সদায় বাচি থাকিব পাৰি।বিশ্বাস অনুসৰি ভক্তই আগবঢ়োৱা জোতা-চেণ্ডেল পিন্ধি দেৱীয়ে নিশা ভক্তৰ মনৰ আশা পূৰণ কৰিবৰ বাবে ওলাই আহে।

ইয়াৰ উপৰিও এই মন্দিৰত দেৱীৰ বাবে আমিষ আৰু নিৰামিষ ভোগ ৰন্ধা হয়। আশ্চৰ্যজনকভাৱে এই মন্দিৰটোলৈ কেৱল হিন্দুসকলেই নহয় মুছলমান লোকসকলেও তেওঁলোকৰ ইচ্ছাপূৰণ কৰিবলৈ ভিন্ন ঠাইৰ পৰা আহে। জনপ্ৰবাদ অনুসৰি যি মানুহে আনৰ অহিত চিন্তা কৰে বা অহিত কৰাৰ কথা ভাৱে তেনে লোকৰ প্ৰাৰ্থনা কেতিয়াও গ্ৰহণ নকৰে লকম্মা দেৱীয়ে।

আৰু পঢ়কঃ প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ হেতালি! উচ্চতম ন্যায়ালয়ত আজি পুনৰ শুনানি

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular