spot_img
20 C
Guwahati
20 C
Guwahati
দেওবাৰ, জানুৱাৰী 23, 2022
Homeআঞ্চলিকবটদ্ৰৱা থানৰ ভূমি বেদখল! উপস্থিত চৰকাৰী প্ৰতিনিধি

বটদ্ৰৱা থানৰ ভূমি বেদখল! উপস্থিত চৰকাৰী প্ৰতিনিধি

ডিজিটেল ডেস্কঃ ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰে পৰা অসমত সত্ৰৰ ভূমিবেদখলকাৰীসকলৰ বিৰুদ্ধে শূন্য সহনশীল নীতি অৱলম্বন কৰা বুলি সততে প্ৰচাৰ চলায় শাসনাধীষ্ঠ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰে। অসম চৰকাৰে সত্ৰৰ বেদখলকৃত ভূমি জৰীপ কৰাৰ বাবে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা আৰু খুমটাইৰ বিধায়ক মৃণাল শইকীয়াক সদস্য হিচাপে লৈ গঠন কৰা ভূমি জৰীপ সমিতিয়ে আজি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হয়। বটদ্ৰৱা থানৰ সভাকক্ষত সত্ৰৰ এলেকাধীন ভূমিৰ বেদখলৰ বিষয়ে সত্ৰাধিকাৰ প্ৰমুখ্যে পৰিচালনা সমিতিৰ লগত এক বৈঠকত মিলিত হয়।

আনহাতে, বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে গুৰুজনাৰ জন্মস্থানৰ দাঁতিকাষৰীয়া অঞ্চলটোৰ হাইডুবি পথাৰৰ ৩৪৬নং দাগৰ প্ৰায় ১৩৫ বিঘা মাটি, বটদ্ৰৱা বৰহিছা সত্ৰৰ ১২৩নং দাগৰ ১২৫ বিঘা মাটি, কৃষি বীজ পামৰ ৩৪৬নং দাগৰ ১৫০ বিঘা মাটি, শান্তিজান বজাৰৰ প্ৰায় ৫বিঘা মাটি আৰু ভোমোৰাগুৰি কিচামৰ ৭৩৩নং দাগৰ ১০৫ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে বুলি মন্তব্য কৰে সত্ৰাধিকাৰগৰাকীয়ে। এই ভূমিত ১৯৯৭ চনতে লালুংগাঁও কিচামতৰ ৩০০ বিঘা ভূমি প্ৰাক্তন সৈনিকৰ নামত আবণ্টন দিছিল, এতিয়া সেই ভূমিত অবৈধ বেদখল অব্যাহত আছে।

আনকি এই বেদখলকৃত ভূমিত বেদখলকাৰীয়ে চৰকাৰী আঁচনিৰ সকলো সা-সুবিধা লাভ কৰাৰ লগতে বিদ্যুৎ সংযোগো লাভ কৰিছে। একাংশই কৃষি ভূমি আৰু আন একাংশই বৃহৎ বৃহৎ পুখুৰী খান্দি মৎস্যপালন কৰি ব্যক্তিগত লাভালাভ আদায় কৰিছে। ঠিক একেদৰে, হাইডুবি পথাৰ আৰু বটদ্ৰৱা বৰহিছা সত্ৰৰ দুশ বিঘাৰো অধিক ভূমিত বেদখল অব্যাহত আছে। হাইডুবি কিচামৰ ভেটিয়নি গাঁৱৰ পিছফালে জমাইবস্তিত পকী ঘৰ-দুৱাৰ সাজি শতাধিক লোকে প্ৰায় আঢ়ৈশ বিঘা মাটি বেদখল অব্যাহত ৰাখিছে। একেদৰে শান্তিজান বজাৰৰ প্ৰায় পাঁচ বিঘা মাটি পুখুৰী খান্দি দখল কৰি আহিছে বেদখলকাৰীয়ে। শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নামত আবণ্টিত ভূমিও বেদখকাৰীৰ কৱলত আছে। বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে অসম চৰকাৰৰ সত্ৰ ভূমি জৰীপ সমিতিক এই বেদখল হৈ থকা ভূমি তথ্য দাখিল কৰে। সমিতিৰ সদস্যসকলে বটদ্ৰৱা থানৰ দাঁতিকাষৰীয়া বটদ্ৰৱা মৌজাৰ ঐতিহাসিক ৰামপুৰ সত্ৰ (য’ত পাঁচশ পঞ্চাশ বছৰ পূৰ্বতে গুৰুজনাই শিক্ষাগ্ৰহণ কৰা মহেন্দ্ৰ কন্দলী সংস্কৃত বিদ্যাপীঠ অৱস্থিত) লগতে গুৰুজনাৰ নাতি দামোদৰ ঈশ্বৰ পুৰুষে প্ৰতিষ্ঠা কৰা বালিসত্ৰৰ বেদখলকৃত ভূমি পৰিদৰ্শন কৰে।

চৰকাৰে বান্ধি দিয়া সত্ৰৰ বেদখলকৃত ভূমি জৰীপ সমিতিৰ অন্যতম তথা আমগুৰি সমষ্টিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাই চৰকাৰৰ কাৰ্য-কলাপত পঞ্চমুখ, এইখন চৰকাৰৰ দিনত অসমৰ জাতীয় জীৱনৰ কোনো সত্ৰৰ ৰাজহুৱা ভূমি বেদখকাৰীৰ দখলত থাকিবলৈ দিয়া নহ’ব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে আমাৰ এই সমিতিয়ে কঠোৰভাৱে কাম কৰিব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular