spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeৰাষ্ট্ৰীয়ৰানৱে’ বুলি অভাৰব্ৰীজতে কৰিলে বিমানৰ অৱতৰণ: ভাৰতৰ ক’ত সংঘটিত হৈছে এই ঘটনা?

ৰানৱে’ বুলি অভাৰব্ৰীজতে কৰিলে বিমানৰ অৱতৰণ: ভাৰতৰ ক’ত সংঘটিত হৈছে এই ঘটনা?

ডিজিটেল ডেস্কঃ আজব বিশ্বৰ আজব কাণ্ড। এইখন পৃথিৱীত দৈনন্দিন আমি দেখোঁ কিছুমান নাভূত-নাশ্ৰুত ঘটনা, যিবোৰ দেখিলে বা শুনিলে আপোনাৰ-মোৰ চকু কপালত উঠে। এইবাৰ তেনেকুৱা এক আজব কাণ্ড সংঘটিত হৈছে এখন বিমানক লৈ। সাধাৰণতে বিমান উঠি ভ্ৰমণ কৰাৰ বাসনা আমাৰ সকলোৰে থাকে। কিয়নো বিমানতে আমি শূন্যৰ বুকুত ল’ব পাৰো ডাৱৰৰ লুকা-ভাকুৰ প্ৰকৃত মাদকতা।

কিন্তু বিমানৰ প্ৰকৃত মাদকতা আকাশত লোৱাৰ পৰিৱৰ্তে যদি ৰাজপথ ল’বলগীয়া হ’ল বুলি কওঁ, তেনেহ’লে কথাটো শুনি আপোনাৰো আচহুৱা লাগিব। হয়, শুনিবলৈ আচৰিত যেন লাগিলেও তেনে এক ঘটনাই সংঘটিত হ’ল ভাৰতত। ঘটনাটো সংঘটিত হৈছে হৈছে দিল্লীৰ ইন্দিৰা গান্ধী ইণ্টাৰ নেচনেল্ এয়াৰপ’ৰ্টৰ সমীপতে। য’ত ৪০ ছেকেণ্ডৰ এটা ভাইৰেল ভিডিঅ’ ক্লিপত দেখা পোৱা গৈছে যে, দিল্লী-গুৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত এয়াৰ ইণ্ডিয়াৰ এখন বিমান অভাৰব্ৰীজ তলত অৱতৰণ কৰা দেখা পোৱা গৈছে, আৰু বিমানখনৰ কাষেদি বাহনসমূহ পাৰ হৈ যোৱা দেখা পোৱা গৈছে। ইফালে এয়াৰ ইণ্ডিয়াই নিশ্চিত কৰিছে যে, এই ঘটনাটো কোনো দুৰ্ঘটনা নহয় আৰু বিমানখন এখন পুৰণা বিমান আৰু এয়াৰ ইণ্ডিয়াৰ পৰা ক্ৰয় কৰিছিল এজন নতুন ক্ৰেতাই আৰু পাইলটৰ সামান্য অসাৱধানতাৰ বাবে এই কাণ্ড সংঘটিত হোৱা বুলি বিমান কৰ্তৃপক্ষই জনায়। ভিডিঅ’টো সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে-লগে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ৰিয়েক্ট, চেয়াৰে ভৰাই পেলাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular