spot_img
18 C
Guwahati
18 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeআন্তঃৰাষ্ট্ৰীয়শৈশৱৰ পৰা মৃত্যু পৰ্যন্ত লগ নেৰিলে চাৰি বন্ধুৱে! চাৰি বন্ধুৰ জীৱনৰ অন্তিম...

শৈশৱৰ পৰা মৃত্যু পৰ্যন্ত লগ নেৰিলে চাৰি বন্ধুৱে! চাৰি বন্ধুৰ জীৱনৰ অন্তিম ছেলফী ভাইৰেল

ডিজিটেল ডেস্কঃ সকলোৱে জানিছিল চাৰিওজন বৰ নলে লগা বন্ধু। কিছুমানে তেওঁলোকৰ বন্ধুত্বক লৈ ঈৰ্ষাও কৰিছিল। প্ৰতিটো সুখ আৰু দুখৰ মূহুৰ্তত ইজনে সিজনৰ লগ এৰা নাছিল। শৈশৱৰ পৰা গঢ় লোৱা সেই বন্ধুত্ব চাৰিও যেন পালন কৰি গ’ল মৃত্যু পৰ্যন্ত। জীৱনৰ অন্তিমখন ছেলফী লোৱাৰ কেইঘণ্টামানৰ পাছতে একেলগে মৃত্যুক আঁকোৱালি ল’লে নলে গলে লগা চাৰি বন্ধুৱে। নিয়তিয়েও যেন বিচাৰিছিল মৃত্যুৰ পাছতো চাৰি বন্ধু একেলগে থাকক। বাল্যকালৰ পৰা একেলগে থাকি ডাঙৰ-দীঘল হৈ একেলগে ব্যৱসায়ো আৰম্ভ কৰিছিল আছাদ খান, ছুহেল খান আৰু দুই বিলাল খানে। বিলাল খান নামটো দুজন বন্ধুৰে একে নাম আছিল। ফুৰিবলৈ বুলি গৈ বৰফৰ মাজত আৱদ্ধ হৈ বাহনৰ ভিতৰতে প্ৰাণ হেৰুৱালে চাৰি বন্ধুৱে। এই ঘটনা পাকিস্তান অধিকৃত পঞ্জাৱ প্ৰদেশৰ। ২,২৯১ মিটাৰ উচ্চতাত অৱস্থিত পাকিস্তানৰ আটাইতকৈ প্ৰিয় পৰ্যটনস্থলী হ’ল মুৰী। মুৰীৰ তুষাৰপাতে সকলো পৰ্যটককে বৰ আকৰ্ষণ কৰে।

সেই মুৰী ভ্ৰমণ কৰিবলৈ যোৱাই কাল হ’ল চাৰি বন্ধুৰ বাবে। মৃত্যু হোৱাৰ পূৰ্বে দিনৰ ভাগতে সুন্দৰভাৱে ঘুৰা ফুৰা কৰি ছেলফীয়ো লৈছিল চাৰিও। যোৱা ৪৮ ঘণ্টাত মুৰী আৰু ইয়াৰ চাৰিওফালৰ পাহাৰীয়া অঞ্চলত প্ৰচণ্ড তুষাৰপাত হয়, যাৰ ফলত ৰাস্তাত কেইবাখনো বাহন আৱদ্ধ হৈ পৰিছিল। কিন্তু সেইনিশাই অঞ্চলটোত অধিক তুষাৰপাত হোৱাৰ বাবে বাটতে আৱদ্ধ হৈ পৰে বহু কেইখন বাহন। আৱদ্ধ বাহন কেইখনৰ মাজত চাৰি বন্ধুৰ গাড়ীখনো আছিল। ৪ ফুট বৰফৰে ভৰ্তি পথবোৰ পৰিষ্কাৰ কৰিবলৈ সংগ্ৰাম কৰি থকাৰ সময়ত যান-জঁটত আৱদ্ধ হৈ থকা হাজাৰ হাজাৰ পৰ্যটকে তেওঁলোকৰ গাড়ীত ৰাতিটো কটাইছিল। বহুতে তেওঁলোকৰ গাড়ীৰ ইঞ্জিন ষ্টাৰ্ট কৰি ৰাখিছিল আৰু বাহিৰত জমা হোৱা শীতল বৰফৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ হিটাৰবোৰ জ্বলাই ৰাখিছিল। আনকি নিশা ৯ মান বজাত চাৰি বন্ধুৱে নিজ নিজ ঘৰলৈ ফোন কৰিও জনাইছিল সুস্থ হৈ থকাৰ বাৰ্তা।

আছাদ খান, ছুহেল খান আৰু বিলাল খানহঁতে তেওঁলোকৰ গাড়ীৰ চাৰিওফালে তুষাৰপাত হোৱাৰ ফলত চাইলেন্সাৰটো বন্ধ কৰি দিছিল, যাৰ ফলত কাৰ্বন মন’অক্সাইড গাড়ীলৈ উভতি অহা বাবে চাৰিওজনৰ মূৰ ঘূৰাইছিল আৰু উশাহত কষ্ট পাইছিল তাৰপাছত তেওঁলোকৰ মৃত্যু হৈছিল। স্থানীয় লোকসকলে চাৰিওকে গাড়ীত অচেতন অৱস্থাত উদ্ধাৰ কৰিছিল আৰু হাস্পতালত তেওঁলোকক মৃত বুলি ঘোষণা কৰা হয়। সেই দিনটোত অত্যধিক তুষাৰপাতৰ ফলত মুঠ ২২ জন লোকে প্ৰাণ হেৰুৱায়। মধুৰ স্মৃতি সুঁৱৰিবলৈ চাৰি বন্ধুয়ে তোলা ছেলফীখন ভাইৰেল হৈ পৰিছে আৰু সকলোকে আৱেগিক কৰি তুলিছে।

আৰু পঢ়কঃ বিশেষজ্ঞৰ সকীয়নি-এই ভুলৰ বাবে পুনৰ বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ! কি ভুল?

RELATED ARTICLES

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular