Google search engine
28 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeব্ৰেকিং নিউজবিবাহ যাত্ৰীৰ গাড়ীৰ সন্মুখত নাহৰফুটুকীৰ বিচৰণ : হাঁহচৰাত আতংক !

বিবাহ যাত্ৰীৰ গাড়ীৰ সন্মুখত নাহৰফুটুকীৰ বিচৰণ : হাঁহচৰাত আতংক !

শিৱসাগৰ : শিৱসাগৰৰ হাঁহচৰাত নাহৰফুটুকীৰ আতংক। হাঁহচৰাৰ ঢেকেৰী খণ্ডৰ বকল, লেবাং আৰু ঢেকেৰী গাঁৱৰ লগতে ডিমুৱালৰ এক বৃহৎ অঞ্চলত সন্ত্ৰাস চলাইছে নাহৰফুটুকী বাঘে। আজি বহু দিনৰ পৰা নাহৰফুটুকী বাঘে পোহনীয়া গৰু-ছাগলী ভক্ষণ কৰি আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে।

আৰু পঢ়িব পাৰিব : বৰ্ণ বৈষম্য : ৰশ্মি সামন্তৰ প্ৰসংগত ৰাজ্যসভাত সৰৱ চৰ্চা

অঞ্চলটোত অনুৰূপ ঘটনা সংঘটিত হৈছে সোমবাৰে। এখন বিবাহ যাত্ৰীৰ গাড়ীৰ সন্মুখত নাহৰফুটুকী বিচৰণ কৰা দৃশ্য এজনে নিজৰ ম’বাইলৰ কেমেৰাত আৱদ্ধ কৰিলে। ইয়াৰ পাছতে ছচিয়েল মিডিয়াত এই দৃশ্য ভাইৰেল হোৱাক লৈ আৰু অধিক আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ।

আৰু পঢ়িব পাৰিব : নিৰ্মমভাৱে হত্যা কৰি কাটি নিলে দেহৰ কেইবাটাও অংগ !

বৰ্তমানলৈকে পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ। এই ঘটনাক লৈ বনবিভাগক অৱগত কৰোৱাৰ পাছতো কোনো কাণসাৰ নাই বুলি অভিযোগ কৰিছে স্থানীয় লোকে।

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
0kmh
75 %
Thu
32 °
Fri
30 °
Sat
30 °
Sun
30 °
Mon
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular