spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeআঞ্চলিকআকৌ পঢ়োঁ আহক ৰঞ্জু হাজৰিকা: অসমীয়া সাহিত্যত নতুন বাট কটা মানুহজন

আকৌ পঢ়োঁ আহক ৰঞ্জু হাজৰিকা: অসমীয়া সাহিত্যত নতুন বাট কটা মানুহজন

ডিজিটেল ডেস্ক: আজি অসম চৰকাৰৰ এই বৰ্ষৰ সাহিত্যিক পেঞ্চনপ্ৰাপক ২৩গৰাকী সাহিত্যিকৰ নাম ঘোষণা কৰা হ’ল৷ সাহিত্যিক পেঞ্চন লাভ কৰা প্ৰত্যেকেই নিজ নিজ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে বহুবছৰৰ পৰা কাম কৰি আহিছে৷ তেখেতসকলৰ গ্ৰন্থ ইতিমধ্যে অসমীয়া পঢ়ুৱৈসমাজৰ দ্বাৰা সমাদৃত হৈছে৷ সাহিত্যিক পেঞ্চনপ্ৰাপকৰ তালিকাৰ পৰা যিটো নামে আমাৰ দৃষ্টি আকৰ্ষণ কৰিছে, তেওঁ হ’ল ৰঞ্জু হাজৰিকা৷ অসমীয়া ৰহস্য সাহিত্যৰ এগৰাকী ধ্বজাবাহক ঔপন্যাসিক৷

পঢ়ুৱৈৰ বাবে ৰঞ্জু হাজৰিকা নিজেই এক বিস্ময়৷ ৰহস্য সাহিত্যৰ মাধ্যমেৰে অসমীয়া জনপ্ৰিয় সাহিত্যৰ এটা একক ধাৰাক প্ৰতিনিধিত্ব কৰা ৰঞ্জু হাজৰিকাই এক অন্য শৈলীৰ কাহিনী, চৰিত্ৰ, পটভূমি আৰু বস্তুনিষ্ঠ বিশ্লেষণেৰে কেইবা দশকজুৰি অসমীয়া পঢ়ুৱৈক মোহাচ্ছন্ন কৰি ৰাখিছে৷ ১৯৫২ চনৰ ২৪ জুলাইত শোণিতপুৰ জিলাৰ মোনাবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰা কুমুদ চন্দ্ৰ হাজৰিকাই পিছলৈ হৈ পৰে ৰঞ্জু হাজৰিকা৷ ৰঞ্জু হাজৰিকা ছদ্মনামেৰে প্ৰতিষ্ঠিত হৈ পৰা ঔপন্যাসিকগৰাকীৰ প্ৰথমখন উপন্যাস ‘বহুৰূপী’, যিখন ১৯৭৩ চনত প্ৰকাশ পায়৷ তেতিয়াৰ পৰাই আজি পৰ্যন্ত উভতি চাবলগীয়া হোৱা নাই ৰঞ্জু হাজৰিকাই৷ এই পৰ্যন্ত প্ৰায় আঠ শতাধিক গ্ৰন্থ ৰচনাৰে একপ্ৰকাৰৰ অভিলেখ গঢ়া বুলি ক’ব পাৰি ৰঞ্জু হাজৰিকাক৷

কোনো ধৰণৰ স্থূল প্ৰচাৰৰ পিছত নদৌৰাকৈ অতি নীৰৱে তেওঁ লিখি গৈছে ইখনৰ পিছত সিখন উপন্যাস৷ অসমীয়া সাহিত্যত সৃষ্টি কৰিছে এটি সুকীয়া ধাৰাৰ৷ ৰঞ্জু হাজৰিকাই অসমীয়াক কিতাপ পঢ়িবলৈ শিকোৱা বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷ অসমৰ নতুন প্ৰজন্মই এসময়ত ৰঞ্জু হাজৰিকাৰ কিতাপেৰে অসমীয়া ‘বাহিৰা কিতাপ’ পঢ়িবলৈ আৰম্ভ কৰাৰ নজিৰ আছে৷ প্ৰতিঘৰ অসমীয়াৰ ঘৰতে একোখনকৈ হ’লেও ৰঞ্জু হাজৰিকাৰ কিতাপ পোৱা যাব৷ অসমীয়া সাহিত্যৰ সামগ্ৰিক প্ৰেক্ষাপটত পঢ়ুৱৈৰ সংখ্যা কমি অহা বুলি এক অভিযোগ শুনা যায়৷

আকৌ, সেই অভিযোগ নস্যাৎ হৈ পৰে ৰঞ্জু হাজৰিকাৰ ক্ষেত্ৰত৷ এটা দ্বীপ সাতটা কবৰ, উত্তৰ ফাল্গুনী, হিয়াহীনা প্ৰিয়া, তেজত আচ্ছন্ন অন্ধকাৰ ইত্যাদি জনপ্ৰিয় উপন্যাসৰ স্ৰষ্টা ৰঞ্জু হাজৰিকা কোনো মুহূৰ্তত উপেক্ষিত যেন অনুভৱ হয়! কেৱল জনপ্ৰিয় সাহিত্যৰ ৰচয়িতা হিচাপেই তেওঁক যেন পৰিসীমিত কৰি ৰখা হয়৷ মূলসুঁতিৰ অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনে যেন আজিও গ্ৰহণ কৰা নাই ৰঞ্জু হাজৰিকাক৷ অথচ, এইগৰাকী ঔপন্যাসিকেই আঠ শতাধিক গ্ৰন্থৰে চহকী কৰিছে অসমীয়া ৰহস্য সাহিত্যৰ ভঁৰাল৷ বিশ্ব সাহিত্যত শ্বাৰলক হোমছৰ দৰে অমৰ চৰিত্ৰৰ ৰচয়িতা আৰ্থাৰ কনান ডয়ল, আগাথা ক্ৰিষ্টিৰ ৰহস্য সাহিত্যক এক যথোচিত মৰ্যাদা দিয়া হৈছে৷

অসমীয়া পঢ়ুৱৈ, সাহিত্য সমালোচকে অসমৰ ৰহস্য সাহিত্যৰ ৰঞ্জু হাজৰিকাক সন্মান দিব নোখোজাটো পৰিতাপৰ বিষয়৷ অসমত লিখি খাব পৰাৰ দৃষ্টান্ত ৰাখিছে কেৱল ৰঞ্জু হাজৰিকাই৷ লিখা কামটোকে বৃত্তি হিচাপে গ্ৰহণ কৰা ৰঞ্জু হাজৰিকাই আমাক সাহস দিছে, দিছে অনন্য অনুপ্ৰেৰণা আৰু উদ্দীপনা৷ জনপ্ৰিয় সাহিত্যক সন্মান কৰিবলৈ কেতিয়াও নিশিকিলোঁ আমি৷ অসমত লক্ষ্য কৰিছোঁ নপঢ়াকৈ বেয়া বোলাৰ প্ৰৱণতা আৰু নপঢ়াকৈ ভাল বোলাৰ এক পৰিৱেশ গঢ় দিয়া হৈছে৷ য’ত উপেক্ষিত হৈ ৰৈছে ৰঞ্জু হাজৰিকাৰ দৰে বহুজন৷

অসম চৰকাৰে সাহিত্যিক পেঞ্চনৰ বাবে বাচনি কৰিলে ৰঞ্জু হাজৰিকাক৷ যিটো সাহিত্যিক পেঞ্চনৰ বাবে অসমৰ যোগ্য লেখকসকলৰ পৰা আৱেদন পত্ৰ গ্ৰহণ কৰাৰ নিয়ম আছে৷ আমাৰ দৃষ্টিত ৰঞ্জু হাজৰিকাই আৱেদন কৰি সাহিত্যিক পেঞ্চন পাবলগীয়া পৰ্যায়ৰ নহয়৷ তেওঁ কাহানিবাই এই সন্মান পাব লাগিছিল৷

চৰকাৰে নিজ ইচ্ছাত সন্মান যাচিব লাগিছিল ৰঞ্জু হাজৰিকাক৷ অসম সাহিত্য সভা বা অন্য সাহিত্য প্ৰতিষ্ঠানসমূহে এতিয়াও ৰঞ্জু হাজৰিকাক কিঞ্চিত সন্মান যাচিবলৈ যেন কুণ্ঠাবোধ কৰে৷ সাহিত্যিক পেঞ্চনপ্ৰাপক আটাইলৈ আমাৰ শুভেচ্ছা আছে৷ আমি অভিনন্দনো জনাইছোঁ৷ তাৰ মাজতেই ৰঞ্জু হাজৰিকাই এই সন্মান পোৱাত আমি সুখী হৈছোঁ৷অসমবাসীৰ হৃদয়ত ঘৰ সজা ৰঞ্জু হাজৰিকা নিজৰ বাটেৰেই গৈ থাকক, সময় আৰু ইতিহাসে সৃষ্টি আৰু স্ৰষ্টাক স্বীকাৰ কৰিব৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular