Google search engine
28 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeক্ৰীড়াৰাজপুত্ৰৰ সৈতে তুলনা মেছীক! কি ক’লে মাৰাডোনা তনয় ছিনাগ্ৰাই?

ৰাজপুত্ৰৰ সৈতে তুলনা মেছীক! কি ক’লে মাৰাডোনা তনয় ছিনাগ্ৰাই?

আৰ্জেণ্টিনাঃ কোপা আমেৰিকা জয়ৰ পাছত মাৰাডোনা-মেছীৰ শ্ৰেষ্ঠতাক লৈ প্ৰশ্নৰ অৱতাৰণা হোৱা দেখা গৈছে। এতিয়া মেছী মাৰাডোনাৰ সমকক্ষ হয়নে নহয় বিষয়টো চৰ্চিত হৈছে। মেছীক মাৰাডোনাৰ সৈতে তুলনা এয়ে প্ৰথম নহয়। আন্তঃৰ্জাতিক খিতাপ জয়ৰ পাছত এই প্ৰসংগ আৰু অধিক ঘণীভূত হৈ পৰা পৰিলক্ষিত হৈছে। মেছীৰ সপক্ষে-বিপক্ষে মতপ্ৰদান কৰিছে ক্ৰীড়া অনুৰাগীয়ে। শেহতীয়াকৈ কিংবদন্তি তাৰকা ফুটবলাৰ মাৰাডোনাৰ সৈতে লিঅ’নেল মেছীৰ তুলনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে একাংশই। যদিও মাৰাডোনাতকৈ কিছু ক্ষেত্ৰত আগবাঢ়ি আছে মেছী। ক্ৰীড়া বিশ্লেষকসকলৰ মতে আৰ্জেণ্টিনাৰ খেলুৱৈগৰাকীক এতিয়াই কিংবদন্তিৰ তালিকাত অন্তৰ্ভুক্ত কৰাটো উচিত নহয় বুলি মন্তব্য কৰিছে। আনকি মাৰাডোনাৰে মেছীৰ তুলনা কৰিবলৈ অনিশ্চুক তেওঁলোক।


বিশ্বকাপ খিতাপ জয়ে ইয়াৰ মুখ্য কাৰণ হৈ দেখা দিছে। মাৰাডোনাই বিশ্বকাপ আঁজুৰি আনিছে কিন্তু মেছীয়ে পৰা নাই। কোপা আমেৰিকা জয়ৰ প্ৰাকমুহূৰ্তলৈ মেছীয়ে আন্তঃৰ্জাতিক সফলতাৰ মুখ দেখা নাছিল। সেইবাবে মেছী মাৰাডোনাৰে সমকক্ষ নহয় বুলি দাবী ক্ৰীড়া বিশ্লেষকৰ।
অৱশ্যে, চৰ্চাৰ অভিকেন্দ্ৰ মাৰাডোনা-মেছীৰ প্ৰসংগত মুখ খুলিছে মাৰাডোনা তনয় ডিয়েগ’ ছিনাগ্ৰাই। মাৰাডোনা জুনিয়ৰ হিচাপে খ্যাত ছিনাগ্ৰাৰ মতে, ‘মাৰাডোনাৰ সৈতে তুলনাৰ বিষয়টিয়ে মোক যথেষ্ট কষ্ট দিয়ে।’


আৰ্জেণ্টিনাৰ জনপ্ৰিয় ক্ৰীড়া গণমাধ্যম টিৱাইচি স্পোৰ্টছক প্ৰদান কৰা এক সাক্ষাত্কালৰত মাৰাডোনা জুনিয়ৰে কয়, ‘ডিয়েগ’ আছিল ডিয়েগ’ আৰু মেছী হৈছে মেছী। মেছীক সমালোচনা কৰা সকলে ফুটবলৰ বিষয়ে একো নাজানে, একো নুবুজে। মোৰ পিতৃৰ সৈতে মেছীক তুলনা কৰা বাবে তেওঁ ভুক্তভোগী। মই মেছীৰ বিৰোধী নহয়। মই তেওঁক ভাল পাওঁ। ফুটবল ইতিহাসত তেওঁৰ স্থান কোনেও ল’ব নোৱাৰে। দেশৰ হৈ কোপা আমেৰিকা খিতাপ বিজয়ী হোৱা বাবে তেওঁ সুখী। সেয়া দেখিবলৈ পাই ময়ো সুখী।’
আনহাতে, পিতৃক স্মৰণ কৰি ছিনাগ্ৰাই কয়, ‘ নিশ্চিতভাৱে পিতৃৰ অভাৱ অনুভৱ কৰোঁ। তেওঁৰ কথাবিলাক মনত পৰে। আৰ্জেণ্টিনাৰ জাৰ্ছিৰ প্ৰতি তেওঁৰ ভালপোৱাই আৰ্জেণ্টিনাৰে মোৰ সম্পৰ্ক ঘনিষ্ঠ কৰি তুলিছে।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
1.5kmh
75 %
Thu
28 °
Fri
29 °
Sat
28 °
Sun
29 °
Mon
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular