spot_img
24 C
Guwahati
24 C
Guwahati
দেওবাৰ, ডিচেম্বৰ 5, 2021
Homeআঞ্চলিকসুৰা বিক্ৰীৰে অভিলেখ : গুৱাহাটীত দীপাৱলীৰ দুদিনত বিক্ৰী ৫ কোটি টকা

সুৰা বিক্ৰীৰে অভিলেখ : গুৱাহাটীত দীপাৱলীৰ দুদিনত বিক্ৰী ৫ কোটি টকা

গুৱাহাটী : এইবাৰ দীপাৱলীত আটচবাজী নহয় সুৰা ক্ৰয়ৰে অভিলেখ গঢ়িলে মহানগৰবাসীয়ে৷ দীপাৱালীৰ মাত্র দুদিনতে গুৱাহাটীত বিক্ৰী হৈছে ৫ কোটি টকাৰ সুৰা৷ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক কোঙা কৰাৰ সময়তো কিন্তু দীপাৱলীৰ দুটা দিনত অভিলেখ সংখ্যক সুৰা বিক্ৰী হ’ল মহানগৰীৰ সুৰা বিপণীসমূহত।

বৃহস্পতিবাৰৰ লগতে শুকুৰবাৰে মহানগৰীত সুৰা বিক্ৰী হয় ৫ কোটি, ১ লাখ, ৩২ হাজাৰ টকা৷ ইয়াৰে বৃহস্পতিবাৰে ২ কোটি, ৫৬ লাখ, ৭০ হাজাৰ টকা আৰু শুকুৰবাৰে ২কোটি ৪৪ লাখ, ৬২ হাজাৰ টকা৷ গুৱাহাটীত মুঠ ৱাইন শ্ব’প ৩০৫খন আৰু ৱাইন বাৰ ২২৬ খন৷ মুঠ ৫৩১ খন সুৰা বিপণীৰ প্ৰত্যেকখনতে দীপাৱালীৰ দুটা দিনত সুৰা বিক্ৰীৰ পৰিমাণ বৃদ্ধি হ’লগৈ ৩০/৪০ %।

ইপিনে ধনতেৰছৰ দিনটোতো গহনা আ-অলংকাৰ ক্ৰয়ৰে অভিলেখ গঢ়িছিল গুৱাহাটীবাসীয়ে কিন্তু এই অভিলেখো ভংগ কৰিলে মহানগৰীবাসীয়ে। আনহাতে দীপাৱলীৰ দিন দুটাত সুৰাপান কৰি অথবা অন্যান্য কাৰণত পথদুৰ্ঘটনাত হৈ জিএমচিএইচত ভৰ্তি হয় ৫০ জনকৈ লোক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular