spot_img
13 C
Guwahati
13 C
Guwahati
শুক্ৰবাৰ, জানুৱাৰী 28, 2022
Homeআঞ্চলিকআকৌ হ'ব লকডাউন, ৰঞ্জিত দাসৰ ইংগিত!

আকৌ হ’ব লকডাউন, ৰঞ্জিত দাসৰ ইংগিত!

ডিজিটেল ডেস্কঃ বিশেষজ্ঞসকলে আশংকা কৰা অনুসৰি পুনৰ ভয়াৱহ সংক্ৰমণৰ ফলত আৰম্ভ হ’ব কভিডৰ তৃতীয় ঢৌ। তাৰ মাজতে নতুনকৈ সৃষ্টি হৈছে কভিডৰ অমিক্ৰণ ভেৰিয়েন্ট। গৱেষণা মতে ক’ভিডৰ এই নতুন ভেৰিয়েন্ট পূৰ্বৰ আন ভেৰিয়েন্ট, যেনে – ডেন্টা, আলফা, গামা, বিটা আদিতকৈ অধিক সংক্ৰামক। ক’ভিডৰ দ্বিতীয় ঢৌক প্ৰতিহত কৰা পাছত ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা জন-জীৱনৰ বিপৰীতে আকৌ এটা নতুন ভেৰিয়েন্ট সৃষ্টি হোৱাৰ সময়ত স্বাভাৱিকতেই সৃষ্টি হৈছে চাঞ্চল্য। ক’ভিডৰ সংক্ৰমণ লাহে লাহে নিয়ন্ত্ৰণলৈ অহা পাছত পুনৰ অভাৱনীয়ভাৱে বৃদ্ধি পোৱাটো এতিয়া উদ্বেগৰ বিষয়।


অসম চৰকাৰে কভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰাৰ সমান্তৰালকৈ চৰ্চাত আছে লকডাউন ৰ প্ৰসংগ। টিহুৰ মাখিবাহাত শনিবাৰে এখন সভাত অংশ লৈ সাংবাদিকৰ আগত লকডাউন সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ।


দিনে দিনে বৃদ্ধি পোৱা কভিডৰ সংক্ৰমণৰ ফলত কভিড পৰিস্থিতি অধিক জটিল হ’লে লকডাউন দিব লগা হ’ব পাৰে বুলি মন্তব্য আগবঢ়াইছে মন্ত্ৰী গৰাকীয়ে। লগতে মন্ত্ৰী গৰাকীয়ে ৰাইজক সজাগ হোৱাৰ লগতে কভিড প্ৰট’কল সমূহ মানি চলিবলৈ আহ্বান জনায়। মন্ত্ৰী গৰাকীৰ এই মন্তব্যই অসমলৈ আকৌ লকডাউনৰ পৰিৱেশ ঘূৰি অহাৰ ইংগিত বহন কৰিছে বুলিও মন্তব্য কৰিছে বহু লোকে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular