spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকপুনৰ লকডাউন! উৎসৱৰ বতৰতে ৰাজ্যবাসীলৈ আহিছে দুঃসংবাদ

পুনৰ লকডাউন! উৎসৱৰ বতৰতে ৰাজ্যবাসীলৈ আহিছে দুঃসংবাদ

ডিজিটেল ডেস্ক : পুনৰ উভতি আহিব লকডাউনৰ অন্ধকাৰ দিন! অন্তহীন স্থবিৰতা আৰু অনিশ্চয়তাই পুনৰ গ্ৰাস কৰিব ৰাজ্যবাসীক। ৰাজ্যৰ দুগৰাকীকৈ মন্ত্ৰীৰ ভাষ্যই এনে আশংকা পুনৰ গাঢ় কৰি তুলিছে। পূজাৰ বতৰত মুকলি মনেৰে ওলাই অহা ৰাজ্যবাসীক পুনৰ ক’ভিড প্ৰট’কলৰ শিকলিৰে বন্ধাৰ ইংগিত দিছে ৰাজ্যৰ দুই দায়িত্বশীল মন্ত্ৰীৰে। উল্লেখ্য যে, পূজাৰ সময়ত হোৱা ব্যাপক ভিৰ তথা ক’ভিড প্ৰট’কল উলংঘাৰ বাবেই হওক বা অন্য কাৰণতেই হওক ৰাজ্যত কৰ’না সংক্ৰমণৰ গ্ৰাফ পুনৰ ঊৰ্ধ্বগামী হৈছে। ৰাজ্যত বিগত ২৪ ঘণ্টাত ৩৫৩জনকৈ নতুন ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে। কেৱল কামৰূপ মহানগৰ জিলাতে ধৰা পৰিছে ১৫২জন ক’ভিড পজিটিভ লোক। মাত্ৰ ৩৯হাজাৰ লোকৰ ক’ভিড পৰীক্ষা কৰোঁতেই ইমানসংখ্যক আক্ৰান্ত চিনাক্ত হোৱাটো উদ্বিগ্নতাৰ কাৰণ হৈ পৰিছে ৰাজ্য চৰকাৰ তথা স্বাস্থ্যমন্ত্ৰীৰ বাবে।


মন কৰিবলগীয়া যে, ক’ভিড সংক্ৰমণৰ ঊৰ্ধ্বমুখী গতিৰ বিষয়টো সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰে কথা পতা বুলি সদৰি কৰিছিল শুকুৰবাৰে।ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ পাছত হোৱা সংবাদ মেলত স্বাস্থ্যমন্ত্ৰী মহন্তই প্ৰকাশ কৰিছিল যে, এসপ্তাহৰ ভিতৰতে ক’ভিড সম্পৰ্কীয় নতুন সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে। মুখ্যমন্ত্ৰীৰে আলোচনা কৰি এই সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ কথা তেওঁ প্ৰকাশ কৰিছিল।

তেওঁ লকডাউনৰ কথা প্ৰকাশ কৰা নাছিল যদিও বুধবাৰে আন মন্ত্ৰী পীযূষ হাজৰিকাই পোনপটীয়াকৈ লকডাউন বলৱৎ কৰাৰ সম্ভাৱনীয়তাৰ কথা প্ৰকাশ কৰে। ৰাজ্যবাসী সাৱধান নহ’লে আকৌ লকডাউন হ’ব পাৰে বুলি তেওঁ উল্লেখ কৰে। শাৰদীয় দুৰ্গোৎসৱৰ পাছৰেপৰা সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ পাছতে পুনৰ লকডাউন দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই৷ বুধবাৰে গোলাঘাটত মন্ত্ৰীগৰাকীয়ে কয়, ‘ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ ন’হলে পুনৰ লকডাউন দিবলৈ বাধ্য হ’ব চৰকাৰ। গতিকে ৰাইজ সচেতন হওক। অন্যথা পুনৰ সন্মুখীন হ’ব লাগিব লকডাউনৰ।’


মন্ত্ৰীগৰাকীৰ এই সকীয়নি এতিয়া ৰাজ্যবাসীৰ বাবে আশংকাৰ কাৰণ হৈ পৰিছে। মন কৰিবলগীয়া যে, ৰাজ্যৰ পাঁচটাকৈ সমষ্টিত এতিয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে। ৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে গাঁৱে গাঁৱে ভিৰ কৰিছে নেতা মন্ত্ৰীয়ে। গতিকে এই উপ-নিৰ্বাচনকেন্দ্ৰীক ভিৰেও কৰ’নাৰ সংক্ৰমণ বৃদ্ধি উদগনি যোগোৱাৰ আশংকা আছে। এনে পৰিপ্ৰেক্ষিতত পুনৰ লকডাউন বলৱতেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হ’ব পাৰে চৰকাৰ তথা প্ৰশাসনে। ৰাসকে ধৰি বিভিন্ন উৎসৱ-পাৰ্বনৰ বাবে প্ৰস্তুতি চলাই থকা অসমবাসীয়ে পুনৰ যদি লকডাউনৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়, সেয়া অতি অবাঞ্চিত এক পৰিস্থিতি হিচাপেই চিহ্নিত হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular