spot_img
24 C
Guwahati
Friday, September 17, 2021
spot_img
Homeআঞ্চলিকলুণ্ঠন! মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

লুণ্ঠন! মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

মৰাণঃ ‘মৰাণ মহাবিদ্যালয়’ৰ বিতৰ্কিত অধ্যক্ষা ড° মিতালী কোঁৱৰক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত আজি মৰাণ নগৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মহাবিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে৷ বিগত বৰ্ষত নিজৰ ঘৰত বনকৰা শিশুক পাশৱিক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হোৱা মিতালী কোঁৱৰৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ পুঁজিত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে ছাত্ৰসমাজে৷ নিজৰ কাৰ্যকালত কোটিটকীয়া কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ তুলি ইতিমধ্যে মহাবিদ্যালয়ৰ কেইবাজনো ছাত্ৰই মৰাণহাট আৰক্ষী থানাত গোচৰ দাখিল কৰিছে৷

সমান্তৰালভাৱে চৰাইদেউ জিলা উপায়ুক্ত, অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু উচ্চ শিক্ষা সঞ্চালকালয়তো অভিযোগ দাখিল কৰিছে৷ কিন্তু অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে বৰ্তমানলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত বুধবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ(ABVP)ৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ ছাত্ৰ-ছাত্ৰীসকলে মৰাণ মহাবিদ্যালয়ৰ সন্মুখৰ পৰা মৰাণ নগৰলৈ প্ৰতিবাদী সমদল উলিয়াই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ এঘণ্টাৰো অধিক সময় অৱৰোধ কৰি ৰাখে৷

অৱৰোধস্থলীতে অধ্যক্ষা মিতালী কোঁৱৰ, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক ধৰ্মকান্ত মিলিৰ প্ৰতিকৃতি দাহ কৰে ছাত্ৰ-ছাত্ৰীসকলে৷ প্ৰতিবাদস্থলীত স্থানীয় দণ্ডাধীশ ইণ্ডিকা গগৈ উপস্থিত হৈ প্ৰতিবাদী কাৰ্যসূচী উঠাই ল’বলৈ আহ্বান জনায়৷ কিন্তু প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ অব্যাহত ৰখাত শতাধিক প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক আটক কৰে মৰাণহাট আৰক্ষীয়ে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
24 ° C
24 °
24 °
98 %
1.2kmh
98 %
Sat
29 °
Sun
30 °
Mon
31 °
Tue
31 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular