spot_img
32 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeআঞ্চলিকলুণ্ঠনৰাজঃ পঞ্চায়ত সচিবৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

লুণ্ঠনৰাজঃ পঞ্চায়ত সচিবৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

হোজাইঃ হোজাইৰ পূব ধনীৰামপথাৰ গাঁও পঞ্চায়তৰ সচিবৰ বিৰুদ্ধে ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে৷ পঞ্চায়তটোৰ কাৰ্যালয়গৃহ নিৰ্মাণৰ ভুৱা আচঁনি প্ৰস্তুত কৰি কোনোধৰণৰ গৃহ নিৰ্মাণ নকৰাকৈয়েই প্ৰায় ১৭ লাখৰো অধিক টকা আত্মসাতৰ অভিযোগ উঠিছে সচিব মনীষ দেৱনাথৰ বিৰুদ্ধে৷ চৌহদত মাটি পেলোৱাৰ নামতো লুটিছে লাখে লাখে টকা৷

এনৰেগা আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ কেইবাটাখনো আঁচনি আবণ্টন কৰাই পুৰণি পঞ্চায়ত গৃহটোকেই প্ৰতিবাৰে মেৰামতি কৰি আৰু চূণ-তেল সানি আঁচনিৰ ধন আত্মসাৎ কৰি গৈছে সচিবগৰাকীয়ে৷

বিগত প্ৰায় দুবছৰ ধৰি পূব ধনীৰাম পথাৰ পঞ্চায়ততেই কাৰ্যনিৰ্বাহ কৰি আছে মনীষ দেৱনাথ নামৰ সচিবগৰাকীয়ে৷ অভিযোগ মতে পঞ্চায়তখনৰ ৰূপায়িত হ’বলগীয়া প্ৰতিখন আঁচনিতেই চলিছে সচিবগৰাকীৰ লুণ্ঠৰ হাতোৰা৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
32 ° C
32 °
32 °
66 %
1.5kmh
75 %
Sat
31 °
Sun
34 °
Mon
32 °
Tue
30 °
Wed
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular