spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকলুইতৰ বুকুত আকৌ অঘটন : কিদৰে উটি গ’ল পাণ্ডুৰ চাৰি ছাত্ৰ?

লুইতৰ বুকুত আকৌ অঘটন : কিদৰে উটি গ’ল পাণ্ডুৰ চাৰি ছাত্ৰ?

ডিজিটেল ডেস্ক : মাজুলীৰ ফেৰী দুৰ্ঘটনাৰ দুঃসহ স্মৃতি মচ নৌখাওঁতেই লুইতৰ বুকুত সংঘটিত হৈছে আন এক অঘটন। এইবাৰ অঘটন ঘটিছে মহানগৰীৰৰ পাণ্ডুত। ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈছে ৪জনকৈ ছাত্ৰ। টিউচনৰ অহাৰ পাছত ছাত্ৰকেইজনে গা ধুবলৈ গৈছিল ব্ৰহ্মপুত্ৰত। চাৰিওজন আছিল দশম শ্ৰেণীৰ ছাত্ৰ।পাণ্ডু এছআৰপি কাৰ্যালয় সমীপত সংঘটিত হৈ এই ঘটনা।

পাণ্ডু ঘাটত উদ্ধাৰ হৈছে ছাত্ৰকেইজনৰ স্কুলৰ বেগ, জোতা। পৰিয়ালৰ লোকে ছাত্ৰকেইজনৰ বেগ আৰু জোতা চিনাক্ত কৰাৰ পাছতে হুৱাদুৱা লাগে।। এই ঘটনাৰ কথা পোহৰলৈ অহাৰ পাছতে এনডিআৰএফৰ ডুবাৰুৱে তন্ন তন্নকৈ লুইতৰ বুকুত চলোৱা অভিযানত তিনিজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হয়। ছাত্ৰকেইজন হৈছে কামাখ্যাৰ জিত দাস (১৫), কামাখ্যা কলনীৰ অবিনাশ দাস (১৫) আৰু দয়াল শ্বেখ (১৫)।

এই ছাত্ৰকেইজনৰ সৈতে থকা কামাখ্যা কলনীৰ দীপ সৰকাৰ(১৪)ৰ সন্ধান পোৱা সম্ভৱ হোৱা নাই। ছাত্ৰকেইজনে টিউচনৰ পৰা উভতি নৈ গা ধুবলৈ গৈছিল আৰু ছ’চিয়েল মিডিয়াত গা ধুৱাৰ ভিডিঅ’ আপলোড কৰিছিল। তাৰ পাছতে তেওঁলোক উটি যোৱা আৰু তিনিজনকৈ ছাত্ৰৰ প্ৰাণহীন দেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। অত্যধিক ছ’চিয়েল মিডিয়া প্ৰীতিয়েই যুৱকেইজনৰ কাল মাতি আনিলে বুলি ধাৰণা কৰা হৈছে। দেওবাৰে নিশা অভিযান সামৰালৈ অভিযানকাৰীয়ে চতুৰ্থজন ছাত্ৰৰ সন্ধান উলিয়াব পৰা নাছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular