spot_img
27 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeআঞ্চলিকনন্দিতা কাণ্ডৰ পুনৰাবৃত্তি: প্ৰেমিকৰ আক্ৰমণত নাড়ী-ভুঁৰু ওলাল প্ৰেমিকাৰ

নন্দিতা কাণ্ডৰ পুনৰাবৃত্তি: প্ৰেমিকৰ আক্ৰমণত নাড়ী-ভুঁৰু ওলাল প্ৰেমিকাৰ

কামৰূপ: ধেমাজিৰ নন্দিতা শইকীয়াক আক্ৰমণৰ ঘটনাৰ মাজতে ৰাজ্যত পুনৰাবৃত্তি হয় এনে ঘটনাৰ৷ কামৰূপৰ চাংসাৰিৰ ৰাজপথত পুনৰ যুৱতীক কচাইৰ চোকা অস্ত্ৰৰে আক্ৰমণ কৰে এজন যুৱকে। দৰং জিলাৰ ভেৰভেৰীৰ যুৱতীগৰাকীক চাংসাৰিত উপৰ্যুপৰি ছুৰীকাঘাত যুৱকজনৰ। কামৰূপ জিলাৰ ‘তোলাৰাম বাফনা হাস্পতাল’ত সংকটজনক অৱস্থাত মনোৱাৰা বেগম নামৰ যুৱতীগৰাকীক ভৰ্তি কৰে আৰক্ষীয়ে।

কচাইৰ চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ফলত পেটৰ অংগ-প্ৰতংগ বাহিৰলৈ ওলাই গৈছে যুৱতীগৰাকীৰ।
কামৰূপৰ তোলাৰাম বাফনা হাস্পতালত চিকিৎসাৰ পাছত উন্নত চিকিৎসাৰ বাবে যুৱতীগৰাকীক নাৰায়ণা হাস্পতালত ভৰ্তি কৰায়।

জানিব পৰা মতে প্ৰেমৰ সম্পৰ্ক আছিল দলগাঁৱৰ ইমাৰণ হুছেইন নামৰ যুৱকজনৰ সৈতে। ঘটনা সংঘটিত কৰি থানাত হাজিৰ ইমাৰণ হুছেইন নামৰ যুৱকজন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
83 %
0kmh
75 %
Thu
27 °
Fri
33 °
Sat
33 °
Sun
32 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular