spot_img
24 C
Guwahati
24 C
Guwahati
দেওবাৰ, ডিচেম্বৰ 5, 2021
Homeমনোৰঞ্জননিক জ’নাছৰ প্ৰতি প্ৰেম মোৰ অফুৰন্ত: প্ৰিয়ংকাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে এখন বিশেষ...

নিক জ’নাছৰ প্ৰতি প্ৰেম মোৰ অফুৰন্ত: প্ৰিয়ংকাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে এখন বিশেষ ছবি

ডিজিটেল ডেস্ক: প্ৰেম সুন্দৰ; প্ৰেম অনন্য;প্ৰেমে নামানে বয়স, উচ্চ-নীচৰ ভেদাভেদ৷ এই প্ৰেমৰ মায়াজালত পৰি ৭ সাগৰ ১৩নদী পাৰ হৈ বিদেশৰ বোৱাৰী হৈছিল বলীউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা৷ ২০১৯ চনৰ ১ ডিচেম্বৰত অগ্নিক সাক্ষী কৰি চিৰদিনৰ বাবে এক হৈছিল নিক জ’নাছ আৰু প্ৰিয়ংকা চোপ্ৰা৷ তাৰ পাছত নিকতকৈ ১০ বছৰ ডাঙৰ ডেচী গাৰ্ল প্ৰিয়ংকাৰ বৈবাহিক জীৱনৰ কথা বিভিন্ন মহলত চৰ্চা লাভ কৰিছিল৷ সঘনাই ইনষ্টাগ্ৰামত টোলপাৰ লগাইছিল৷ কিন্তু অলপতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল এটি খবৰ৷ আৰু এই খবৰে সকলোকে হতবাক কৰি তুলিছিল৷ এই খবৰ আছিল অন্ত পৰিব প্ৰিয়ংকা আৰু নিকৰ বৈবাহিক জীৱন৷ আনকি অভিনেত্ৰীগৰাকীৰ ইনষ্টাগ্ৰাম হেণ্ডেলাৰৰ পৰা উঠাই দিয়া হৈছিল জ’নাছ উপাধিও৷

বিয়পোৱা খবৰ অনুসৰি, বিবাহ বিচ্ছেদ কৰিব এই দুই চেলিব্ৰিটীয়ে৷ অৱশেষত বহু উৎকণ্ঠাৰ পাছত এটি ইনষ্টাগ্ৰাম পোষ্টৰে দি গ’ল এক সুখৰ বাৰ্তা৷ দি চেলিব্ৰিটী দম্পতীৰ আনন্দৰ খবৰ৷ প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছে বিবাহ বিচ্ছেদৰ খবৰ উৰাবাতৰি বুলি অবিহিত কৰে। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ চোপ্ৰা আৰু তেওঁৰ স্বামী নিক জ’নাছৰ মাজত সকলো ঠিকে আছে৷

আনকি তেওঁৰ হেণ্ডেলাৰ পৰা জ’নাছ উপাধি উঠাই দিয়াৰ প্ৰসংগটো কয়, দম্পতীটোৰ বিভাজনৰ বিষয়ে ছ’চিয়েল মিডিয়াত জল্পনা-কল্পনা আৰম্ভ হৈছিল। সেয়া সম্পূৰ্ণ ভুৱা বাতৰি বুলিও অবিহিত কৰে তেওঁ৷ দম্পতীটোৱে আনকি সংবাদ মাধ্যমক কটাক্ষ কৰি কয় যে, এই উৰা বাতৰি বিয়পাই নিদিবলৈ অনুৰোধ জনোৱা হ’ল৷ অভিনেত্ৰীগৰাকীয়ে কয়, ‘আমি সদায় এক আছিলো৷ এক হৈ থাকিম৷ নিকৰ প্ৰতি মোৰ ভালপোৱা অফুৰন্ত৷’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular