spot_img
28 C
Guwahati
28 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeৰাষ্ট্ৰীয়পৰকীয়া প্ৰেম! মহিলাৰ স্বামীয়ে মৰিয়াই মাৰিলে প্ৰেমিক যুৱকক, ভাইৰেল ভিডিঅ’ই লগাইছে তোলপাৰ

পৰকীয়া প্ৰেম! মহিলাৰ স্বামীয়ে মৰিয়াই মাৰিলে প্ৰেমিক যুৱকক, ভাইৰেল ভিডিঅ’ই লগাইছে তোলপাৰ

ডিজিটেল ডেস্ক : প্ৰেম পবিত্ৰ, পিছে পৰকীয়া প্ৰেম ঘাতক। এই কথাই পুনৰ প্ৰতীয়মান হৈছে। পত্নীৰ পৰকীয়া প্ৰেমিকক স্বামী আৰু তেওঁৰ পৰিয়ালৰ লোকে মৰিয়াই মৰাৰ এটা মৰ্মান্তিক ঘটনা পোহৰলৈ আহিছে। মহিলাগৰাকীৰ স্বামী আৰু তেওঁৰ পৰিয়ালৰ লোকে পত্নীৰে প্ৰেমৰ সম্পৰ্ক ৰখাৰ অভিযোগত এজন লোকক কোবাই কোবাই হত্যা কৰে। ৰাজস্থানৰ হনুমানগড়ত এই ঘটনা সংঘটিত হৈছে।

আৰক্ষীয়ে সদৰি কৰা মতে, বৃহস্পতিবাৰেই এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছিল। ইতিমধ্যে ছ’চিয়েল মিডিয়াত এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অভিযুক্ত লোককেইজনেই এই ভিডিঅ’ ৰেকৰ্ড কৰিছিল বুলি ধাৰণা কৰা হৈছে। ভিডিঅ’ত দেখা গৈছে যে, ছজন লোকে এজন লোকক মাটিত বগৰাই লৈ নিৰ্মমভাৱে লাঠীৰে প্ৰহাৰ কৰিছে। তাৰ পাছত লোকজনে যুৱকজনৰ নিঠৰ দেহটো আক্ৰমণকাৰীকেইজনে তেওঁৰ ঘৰৰ সন্মুখতে পেলাই দিয়ে। লোকজনক জগদীশ মেঘৱাল বুলি চিনাক্ত কৰা হৈছে। ভুক্তভোগী লোকজনৰ পিতৃয়ে এই অভিযোগ দাখিল কৰিছে আৰক্ষীৰ আগত। ভিডিঅ’ত আক্ৰমণকাৰী কেইজনৰ নৃশংসতা প্ৰকট হৈ পৰিছে।

ভিডিঅ’ত দেখা গৈছে এজনে তেওঁৰ আঁঠুৰে লোকজনৰ ডিঙিত হেঁচা মাৰি ধৰিছে আৰু আনকেইজনে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰি গৈছে। ‘প্ৰেমপুৰাৰ বাসিন্দা বিনোদ, মুকেশ, লালচন্দ, আলিয়াছ, ৰামেশ্বৰ আৰু দিলীপ ৰাজপুতে মটৰচাইকেলেৰে আহি জগদীশৰ দেহটো আমাৰ ঘৰৰ সন্মুখতে পেলাই থৈ যায়। মই তেওঁক সাবটি ধৰিছিলোঁ যদিও তেওঁৰ উশাহ-নিশাহ চলি থকা নাছিল।’ জগদীশৰ পিতৃ বানৱাৰীলাল মেঘৱালে এই ভাষ্য প্ৰকাশ কৰিছে। ইতিমধ্যে ১১জন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে আৰু ইয়াৰে তিনিজনক জিম্মাত লোৱা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। বাকীকেইজনৰ সন্ধানতো আৰক্ষীয়ে তদন্ত চলাই আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular