উপহাৰ নিলামঃ প্ৰধানমন্ত্ৰীক লাভলীনাই উপহাৰ দিয়া বক্সিং গ্ল’ভছ ৯১ লাখ টকাত বিক্ৰী

0
457
বক্সিং গ্ল'ভছ
উপহাৰ নিলামঃ প্ৰধানমন্ত্ৰীক লাভলীনাই উপহাৰ দিয়া বক্সিং গ্ল'ভছ ৯১ লাখ টকাত বিক্ৰী

ডিজিটেল ডেস্কঃ টকিঅ’ অলিম্পিকত বক্সিঙত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা অসমৰ বজ্ৰকন্যা লাভলীনা বৰগোঁহাইয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীক উপহাৰ দিছিল অলিম্পিক খেলত পিন্ধা গ্ল’ভছযোৰ৷ সেই ঐতিহাসিক গ্ল’ভছযোৰ অৱশেষত বিক্রী হ’ল ৯১ লাখ টকাত।

কেন্দ্ৰীয় চৰকাৰৰে আৰম্ভ কৰা নিলামত দেশলৈ ব্ৰঞ্জৰ পদক কঢ়িয়াই এই গ্ল’ভছযোৰ বিক্ৰী হ’ল ৯১ লক্ষ টকাত। লাভলীনাৰ গ্ল’ভছৰ মূল্য নিৰ্দ্ধাৰণ কৰা হৈছিল ৮০ লাখ টকা। নিলামত সৰ্বাধিক মূল্য আহৰণ কৰিলে নীৰজ চোপ্ৰাৰ স্বৰ্ণজয়ী জেভলীনডালে। বিক্ৰী হ’ল ১.৫কোটি টকাত। জেভলীন ডালৰ মূল্য নিৰ্দ্ধাৰণ কৰা হৈছিল ১কোটি টকা। যোৱা ১৭ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ জন্মদিনৰ দিনাৰ পৰা কেন্দ্ৰীয় চৰকাৰে প্রধানমন্ত্ৰীয়ে বিভিন্ন সময়ত লাভ কৰা উপহাৰ সমূহ ইণ্টাৰনেটৰ মাধ্যমৰে নিলামৰ ব্যৱস্থা কৰিছিল।

নিলামৰ কাৰণে ৰখা ১৩৪৮টা সামগ্ৰীৰ ভিতৰত আছিল টকিঅ’ অলিম্পিক আৰু পেৰা অলিম্পিকত পদক লাভ কৰা খেলুৱৈসকলৰ ক্ৰীড়া সামগ্ৰীসমূহ। ১৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা এই নিলাম কাৰ্যসূৰীৰ অন্ত পৰে ৭ অক্টোবৰত৷ নিলামত সংগ্ৰহ হোৱা ধনৰাশি নমামী গংগা প্রকল্পত ব্যৱহাৰ হ’ব।