spot_img
17 C
Guwahati
17 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকলামডিঙত বন মাফিয়াৰ ভিৰ...

লামডিঙত বন মাফিয়াৰ ভিৰ…

ডিজিটেল ডেস্কঃ লামডিং সংৰক্ষিত বনাঞ্চত বেদখলকাৰীক সংস্থাপিত কৰা মাটিৰ দালালৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষী-প্ৰশাসনৰ অভিযান। বেদখলকাৰীক সংস্থাপিত কৰা মাটিৰ দালালৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীৰ জালত পৰে দুইজনকৈ বন বিভাগৰ লোক। লামডিং আৰক্ষীৰ জালত পৰা দুয়োজন বন বিভাগৰ লোক হৈছে নখুঁটিৰ বিট অফিচাৰ হবিবুৰ ৰহমান আৰু বনকৰ্মী আব্দুল কালাম। নিশা আৰক্ষীয়ে এই দুয়োজন বনকৰ্মীক আটক কৰি লামডিং আৰক্ষী থানাত ৰাখি সোধা-পোছা কৰি আজি পুৱা হোজাই শংকাৰদেৱ আদালতলৈ প্ৰেৰণ কৰে।


উল্লেখযোগ্য যে, লামডিং সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক সংস্থাপিত কৰাসকলৰ বিৰুদ্ধে লামডিং আৰক্ষী থানাত ২২৪/২১এটা গোচৰ ৰুজু হৈছিল। বিগত ১৫ নৱেম্বৰত লামডিং আৰক্ষীয়ে ভূ-মাফিয়া নজৰুল ইছলাম আৰু আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছিল। নজৰুল ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিত লামডিং সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বেদখলকাৰীক সংস্থাপিত কৰা ঘটনাত যৌথ বন পৰিচালনা সমিতি জড়িত থকা কাৰ্য পোহৰলৈ আহিছিল।


ইয়াৰ পাছতে আৰক্ষীয়ে নজৰুলৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে এটাৰ পাছত আন এটা মাটিৰ দালালক আটক কৰে। বৰ্তমানলৈকে লামডিং আৰক্ষীৰ জালত ৮জন ভূ-মাফিয়াৰ লগতে আজি নতুনকৈ দুজন বন বিভাগৰ লোক লামডিং আৰক্ষীৰ জালত পৰে। বৰ্তমানলৈকে লামডিং আৰক্ষীয়ে মুঠ ১০জন লোকক আটক কৰে। ভৱিষ্যতলৈ আৰু বহু ব্যক্তি আটক হোৱাৰ সম্বাৱনা আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular