spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeৰাজনৈতিকধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কংগ্ৰেছ বিধায়কৰ পুত্ৰ, ৬ মাহ ধৰি হৈ আছিল পলাতক

ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কংগ্ৰেছ বিধায়কৰ পুত্ৰ, ৬ মাহ ধৰি হৈ আছিল পলাতক

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ ইন্দোৰ আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হল ধৰ্ষণৰ অভিযোগত অভিযুক্ত কংগ্ৰেছ বিধায়কৰ পুত্ৰক। কংগ্ৰেছী বিধায়ক মুৰুলী মৰৱালৰ পুত্ৰ কৰণ মৰৱাল ধৰ্ষণৰ অপৰাধত অভিযুক্ত হৈ ছয় মাহ ধৰি পলাতক হৈ আছিল। মধ্য প্ৰদেশৰ বৰনগৰৰ কংগ্ৰেছ বিধায়ক মুৰুলী মৰৱালৰ পুত্ৰ কৰণ মৰৱালৰ বিৰুদ্ধে আছিল ধৰ্ষণৰ দৰে গুৰুতৰ অভিযোগ। কৰণ মৰৱালক উজ্জয়িনীৰ ওচৰৰ মাকচীৰ পৰা গ্ৰেপ্তাৰ কৰা আৰক্ষীয়ে।

এগৰাকী মহিলা কংগ্ৰেছ কৰ্মীয়ে এপ্ৰিলত কৰণ মৰৱালৰ বিৰুদ্ধে বিবাহত প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁক ধৰ্ষণ কৰা বুলি এজাহাৰ দাখিল কৰিছিল। তেতিয়াৰে পৰা পলাতক হৈ আছিল বিধায়়কৰ পুত্ৰজন। আৰক্ষীয়ে তেওঁক ৬ মাহ ধৰি বিচাৰি আছিল। ইয়াৰ মাজতে, কৰণৰ ওপৰত এটা পুৰস্কাৰো ঘোষণা কৰিছিল। কৰণৰ সন্ধান দিওঁতাক ২৫,০০০ টকা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছিল আৰক্ষীয়ে। 

আৰু পঢ়কঃ পিতৃৰ নাই এখন ভৰি, পুত্ৰৰ নাই হাত-ভৰি; এখন বিশেষ ফটোগ্ৰাফৰ বিশ্বজুৰি আলোড়ন

শেহতীয়াকৈ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰাইকৰণে কৰণ মৰৱালক যিমান সম্ভৱ সোনকালে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ সকীয়নি দিছিল। কৰণ মৰৱালক ধৰিবলৈ আৰক্ষীয়ে চাৰিটা দল গঠন কৰিছিল৷ প্ৰায় ৩০ জন আৰক্ষী কৰ্মী আৰু এটা অপৰাধ-চোৰাংচোৱাৰ ৪ টাকৈ দলে কৰণৰ অনুসন্ধান চলাইছিল। অৱশেষত এখন ফাৰ্ম হাউচত লুকাই থকাৰ পৰা কৰণক গ্ৰেপ্তাৰ কৰে মধ্যপ্ৰদেশ অৰক্ষীয়ে। বৰ্তমান তেওঁ আৰক্ষীৰ জিম্মাত আছে আৰু ঘটনাটোৰ সন্দৰ্ভত তদন্ত আগবঢ়াই নিছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular