spot_img
21 C
Guwahati
21 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকপুনৰ এনকাউন্টাৰ! চিকিৎসালয়ত ড্ৰাগছ মাফিয়া শিৱা

পুনৰ এনকাউন্টাৰ! চিকিৎসালয়ত ড্ৰাগছ মাফিয়া শিৱা

ডিজিটেল ডেস্ক: আৰক্ষীক বিপথে পৰিচালনা কৰি পলায়নৰ চেষ্টা কৰা ড্ৰাগছ মাফিয়াক আৰক্ষীয়ে কৰিলে গুলীচালনা৷ বিশ্বনাথত ড্ৰাগছ মাফিয়া সুজল ভূঞা ওৰফে শিৱাক আৰক্ষীয়ে গুলীচালনা কৰাৰ পাছতে হাস্পতালত ভৰ্তি কৰা হয়৷

জানিব পৰা মতে শুকুৰবাৰে সন্ধিয়া আটক কৰা হৈছিল সুজলক৷ নিশাই আৰক্ষীয়ে ড্ৰাগছৰ সৈতে জড়িত লোকক চিনাক্তৰ বাবে নিছিল সুজলক৷ এই অভিযানৰ সময়তে আৰক্ষীক বিপথে পৰিচালনা কৰি পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচালনা কৰাত ভৰিত গুলী লাগে সুজলৰ৷

শিৱা ভূঞাক বৰ্তমান বিশ্বনাথ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি নিশাৰ ভাগতে উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular