spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকশতিকা পুৰণি পৰম্পৰাৰে সত্ৰনগৰীত আজিৰে পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাঘ বিহু পালন

শতিকা পুৰণি পৰম্পৰাৰে সত্ৰনগৰীত আজিৰে পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাঘ বিহু পালন

ডিজিটেল ডেস্ক :  আজি পহিলা মাঘ। পহিলা মাঘৰ দিনা সত্ৰনগৰী বৰপেটাত পালন কৰা হয় মাঘ বিহু। স্মৰ্তব্য যে, বৃহস্পতিবাৰে ৰাজ্যজুৰি উৰুকা পালনৰ লগতে শুকুৰবাৰে অৰ্থাৎ পুহ মাহৰ সংক্ৰান্তি দিনা অসমীয়াই পালন কৰে ভোগালী বিহু। কিন্তু ইয়াৰ ব্যতিক্ৰম আছিল সত্ৰনগৰী বৰপেটা। কাৰণ বৰপেটাৰ বহুকেইখন গাঁৱত সংক্ৰান্তিৰ দিনা উৰুকা পালন কৰাৰ লগতে শতিকা পুৰণি প্ৰাচীন পৰম্পৰা অনুসৰি পহিলা মাঘৰ দিনা পালন কৰা হয় ভোগালী বিহু।

ইফালে, বৰপেটাৰ শতাধিক গাঁৱৰ ৰাইজে উৰুকা উপলক্ষে বৰপেটা সত্ৰৰ কীৰ্তন ঘৰৰ চোতালত মেজি নিৰ্মাণ কৰি গায়ন-বায়নে সত্ৰৰ মঠৰ চোতালত ঘোষা-কীৰ্তন আৰু ব্যাস-কীৰ্তন পৰিৱেশন কৰে। সত্ৰৰ হাটীসমূহত ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰে ডেকা-বুঢ়া সকলো।

আনহাতে, মাঘ বিহু উপলক্ষে আজি পুৱাৰে পৰা বৰপেটা সত্ৰত অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হোৱা দেখা গৈছে। বৰপেটাৰ ২২খন হাটীৰ ভকতসকলে নদীত গা ধুই নামপ্ৰসংগ কৰি মেজি জ্বলাই অগ্নি পূজা কৰে আৰু বৰপেটা সত্ৰৰ মঠৰ চোতালত ভকতসকল সমবেত হৈ নামপ্ৰসংগ কৰি ভগৱানৰ আশীৰ্বাদ গ্ৰহণ কৰে।

উল্লেখ্য যে, ক’ভিডৰ তৃতীয় ঢৌ অ’মিক্ৰনৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিৰ্দেশনা অনুসৰি সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি মাঘ বিহু পালন কৰিছে সত্ৰৰ পৰিচালনা সমিতিয়ে। বৰপেটা সত্ৰত সত্ৰীয়া পৰম্পৰা অনুসৰি আজিৰে পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাঘ বিহু পালনৰ দিহা কৰিছে সত্ৰৰ পৰিচালনা সমিতিয়ে

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular