আজি মহা নৱমীঃ ধূপ,দীপ,নৈবদ্য লৈ পূজাথলীত ভিৰ ভক্তৰ

0
198
নৱমী
Photo-Kasturi Borthakur

ডিজিটেল ডেস্কঃ আজি মহা নৱমী৷ দুর্গাপূজাৰ আজি চতুর্থ দিন৷ ১৪ অক্টোবৰ, বৃহস্পতিবাৰে উলাহ-মালহেৰে মহানৱমী পালন কৰে ৰাজ্যবাসীয়ে। দেৱী মা বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্য। পুৱাৰে পৰা দেৱী দুৰ্গাৰ ভক্তই পূজা মণ্ডপ সমুহলৈ আহি মা দুৰ্গাৰ আশিস লয়হি। পুৱাৰ পৰাই দুৰ্গা দেৱীৰ শ্ৰীচৰণত আশীৰ্বাদ লবলৈ অগণন ভক্তৰ সমাগম পৰিলক্ষিত হৈছে ৰাজ্যৰ বিভিন্ন পূজাস্থলীত। দুৰ্গাদেৱীৰ শ্ৰীচৰণত ধূপ চাকি বন্তি জ্বলাই শৰাই আগবঢ়ায় নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে প্ৰাৰ্থনা জনাইছে ভক্তপ্ৰাণ ৰাইজে।

ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে দেখিবলৈ পোৱা গৈছে মহানৱমীৰ উছাহ। হাতে হাতে ধূপ,দীপ,নৈবদ্য, পুস্পাঞ্জলী লৈ পূজা কৰিবলৈ আহিছে শ শ ভক্ত৷ মহাষ্টমীৰ পিছতেই মহানৱমীৰ বাবে আশাৰে বাট চায় ৰয় ভক্তপ্ৰাণ ৰাইজ। মহানৱমীত যজ্ঞ অনুষ্ঠিত কৰাৰ লগতে কুমাৰী পূজাও পতা হয়। দুর্গাৎসৱৰ সকলোতকৈ আকর্ষণীয় পূজা বুলি অভিহিত কৰা হয় কুমাৰী পূজাক। নৱমীৰ দিনা ভক্তৰ মন অলপ সেমেকিও উঠে কাৰণ পিছদিনাই হব দশমী আৰু দশমীৰ দিনাই মা দূৰ্গাৰ প্ৰতিমূৰ্তিক বিসৰ্জন দিয়া হয়। বিজয়া দশমীৰ দিনা ৰাৱন দাহন কাৰ্যসূচীও অনুষ্ঠিত কৰা হয় ৰাজ্যৰ ভিন্ন অঞ্চলত।