spot_img
27 C
Guwahati
Monday, September 20, 2021
spot_img
Homeআঞ্চলিকৰুদ্ৰৰূপত মহাবাহু: পানীত ডুবিল ৰেস্তোঁৰা

ৰুদ্ৰৰূপত মহাবাহু: পানীত ডুবিল ৰেস্তোঁৰা

গুৱাহাটী: ভদীয়া বানৰ গ্ৰাসত ৰাজ্যৰ ভিন্নস্থান। খৰালীত শান্ত হৈ থকা বৰলুইতে বাৰিষাত ধাৰণ কৰিছে ৰদ্ৰমূৰ্তি৷ বানৰ কবলত পৰিছে লক্ষাধিক জনতা৷ বন্যাৰ্তই নিজৰ আপোন ঘৰখন এৰি আশ্ৰয় লৈছে শিবিৰত৷ গুৱাহাটীতো বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ৷ কেন্দ্ৰীয় জল আয়োগৰ তথ্যমতে বিপদসীমা অতিক্ৰম কৰিবলৈ মাত্ৰ অলপ বাকী৷

ৰুদ্ৰৰূপত মহাবাহু

বিগত দুবছৰ ধৰি বন্ধ হৈ পৰি থকা জাহাজ ডুব গ’ল ব্ৰহ্মপুত্ৰত৷ মহানগৰীৰ ফাঁচীবজাৰ ঘাটত ডুব গ’ল ছাউথ কোচ ৰেষ্টুৰেণ্ট থকা জাহাজখন৷ শেহতীয়াকৈ লুইতৰ পানী বৃদ্ধি হোৱাৰ পাছতে এনেদৰেই জাহাজখন ডুব যোৱা পৰিলক্ষিত হৈছে৷ জানিব পৰা মতে, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ আছিল জাহাজখন৷

পানীত ডুবিল ৰেস্তোঁৰা

সুনীত বেৰিয়া নামৰ লোকে লীজত লৈ চলাইছিল ৰেস্তোঁৰাখন। অভিযোগ অনুসৰি, সম্পতি চোৱা-চিতাৰ অভাৱৰ বাবেই এতিয়া এনেদৰেই ধ্বংস হোৱাৰ উপক্ৰম হৈছে জাহাজখন৷ বৰ্তমানলৈ ৰেস্তোঁৰাখনৰ কৰ্তৃপক্ষ ঘটনাস্থলীত উপস্থিত হোৱা নাই বুলি আমাৰ সাংবাদিকে জনাইছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Mon
32 °
Tue
31 °
Wed
30 °
Thu
31 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular