spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeক্ৰীড়াকোহলীৰ হেঁচাত উজুটি খাইছিল কুম্বলে! বিচিচিআইৰ ভিক্ষাপাত্ৰত কাৰ কৃপাদৃষ্টি ?

কোহলীৰ হেঁচাত উজুটি খাইছিল কুম্বলে! বিচিচিআইৰ ভিক্ষাপাত্ৰত কাৰ কৃপাদৃষ্টি ?

নতুন দিল্লীঃ চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰ মাহত ইউএইত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ পদ ত্যাগ কৰিব ৰবি শাস্ত্ৰীয়ে। ৰবি শাস্ত্ৰীৰ পৰৱৰ্তী প্ৰশিক্ষক হিচাপে ভাৰতীয় ক্ৰিকেট দলৰ দায়িত্ব কোনে ল’ব? তাক লৈয়ে যেন আৰম্ভ হৈছে অন্তহীন আলোচনাৰ। নিতৌ প্ৰকাশ পাইছে নব্য প্ৰতিবেদন। ইফালে বিচিচিআই-এ প্ৰাক্তন অধিনায়ক , প্ৰশিক্ষক অনিল কুম্বলে আৰু প্ৰাক্তন তাৰকা বেটছমেন ভিভিএছ লক্ষ্মণক ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে থাকিবলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব পাৰে বুলি হনুবাৰ্তা ওলোৱা পৰিলক্ষিত হৈছে।


উল্লেখ্য যে, ২০১৬-১৭ বৰ্ষত অনিল কুম্বলে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক আছিল। শচীন তেণ্ডুলকাৰ, সৌৰভ গাংগুলী আৰু ভিভিএছ লক্ষ্মণ সেই সময়ত বিচিচিআইৰ পৰামৰ্শদাতা সমিতিত আছিল। তেওঁলোকেই ৰবি শাস্ত্ৰীৰ বিকল্প হিচাপে কুম্বলেক অগ্ৰাধিকাৰ দিছিল। অৱশ্যে, বিৰাট কোহলীৰ সৈতে সু-সম্পৰ্কৰ অভাৱৰ লগতে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত পাকিস্তানৰ হাতত পৰাভূত হোৱাৰ পাছত প্ৰশিক্ষক পদ ত্যাগ কৰিছিল কুম্বলেই। এইবাৰ অনিল কুম্বলেৰ উপৰিও, ভিভিএছ লক্ষ্মণক ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ প্ৰস্তাৱ দিয়াৰ সম্ভাৱনা অধিক ঘণীভূত হৈ পৰিছে। অভিজ্ঞ লক্ষ্মণে কেইবছৰমানৰ পৰা আই পি এল ফ্ৰেঞ্চাইজি দল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ পৰামৰ্শদাতা হিচাপে নিয়োজিত হৈ আছে।


শেহতীয়াকৈ, বিচিচিআইৰ এগৰাকী জ্যেষ্ঠ সদস্যই সদৰী কৰি কয়, ‘বিচিচিআই-এ প্ৰশিক্ষকৰ পদটোৰ সংশোধন কৰিবলৈ চেষ্টা কৰি আছিল। ফলশ্ৰুতিত অনিল কুম্বলে তেতিয়া পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। কোহলীৰ হেঁচাত কুম্বলেক আঁতৰোৱা কথাতো সমূলি মিছা। এতিয়া কুম্বলেই পুনৰ প্ৰশিক্ষকৰ পদ গ্ৰহণ কৰিব নে নাই এই সকলোবোৰ নিৰ্ভৰ কৰিব কুম্বলে আৰু লক্ষ্মণে মুখ্য প্ৰশিক্ষক পদৰ বাবে আবেদন কৰে নে নাই তাৰ ওপৰত।’ উল্লেখ্য যে, বিচিচিআই-এ শ্ৰীলংকাৰ তাৰকা খেলুৱৈ মাহেলা জয়বৰ্ধনেৰ সৈতেও যোগাযোগ কৰিছিল। জয়বৰ্ধনে বিচিচিআইৰ প্ৰস্তাৱ নাকচ কৰাৰ পাছতে দ্বাৰস্ত হৈছে কুম্বলেৰ গৃহত। বিচিচিআই-ৰ বিনিদ্ৰ ৰজনী দূৰ কৰিব নে নাই কুম্বলেই সেয়া পৰৱৰ্তি সময়ত হে লক্ষ্যণীয় হ’ব !

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular