spot_img
32 C
Guwahati
Monday, September 27, 2021
spot_img
Homeআঞ্চলিকমাজুলীত দলঙৰ ৰাজনীতিঃ কি বিচাৰে সত্ৰাধিকাৰে?

মাজুলীত দলঙৰ ৰাজনীতিঃ কি বিচাৰে সত্ৰাধিকাৰে?

গুৱাহাটীঃ মাজুলীয়ে কান্দিছে! কেৱল মাজুলীয়েই নহয় শেহতীয়া ঘটনাটোৱে সমগ্ৰ অসমবাসীকে কন্দুৱাইছে। চৰকাৰী পৰিসংখ্যা অনুসৰি মৃতকৰ সংখ্যা তেনেই নগণ্য। অৱশ্যে, সময়ৰ বাগৰাৰ লগে লগে নিতৌ প্ৰকাশ পাইছে ন ন সম্ভেদ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ষুদ্ধ জনতাই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাও পৰিলক্ষিত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠী চাৰ্জ কৰিবলীয়া হৈছে। কিন্তু আচৰ্যজনক কথাটো হ’ল অসমত ইয়াৰ পূৰ্বেও এনে বহু হৃদয়বিদাৰক ঘটনা সংঘটিত হৈ গৈছে। কিন্তু শেহতীয়াকৈ নিমাতীঘাট ফেৰী দুৰ্ঘটনাত মানুহৰ অন্তৰ জিকাৰ খাই উঠিছে কিয়? ক্ষোভত কিয় কলিজা ফাটিছে মাজুলীবাসীৰ? কথাবোৰ চিন্তনীয়! মাজুলীৰ নিমাতীঘাট ফেৰী দুৰ্ঘটনাৰ হৃদয়বিদাৰক ঘটনাটো পোহৰলৈ অহাৰ পাছত সংবেদনশীল প্ৰতিগৰাকী ব্যক্তিৰে বক্ষ বিদীৰ্ণ কৰি তুলিছে।

মাজুলীয়ে কান্দিছে ! ক্ষোভত কিয় কলিজা ফাটিছে মাজুলীবাসীৰ?

প্ৰচণ্ড খং আৰু ক্ষোভত জিকাৰ খাই উঠিছে মানুহৰ মন। এই খং আৰু ক্ষোভৰ আঁৰত আছে ৭৪বছৰীয়া প্ৰলোভন আৰু প্ৰতাৰণা। স্বাধীনোত্তৰ ভাৰতবৰ্ষই ৭৪টা বছৰ অতিক্ৰম কৰাৰ পাছতো সাহিত্য-কলা-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীয়ে এখন দলং বিচাৰি হাহাকাৰ কৰিবলগীয়া হোৱাতো উদ্বেগজনক নহয় বৰঞ্চ এক লজ্জাজনক। বৰ্তমান শাসনাধিষ্ঠ চৰকাৰখনে ২০১৬ চনতে যোৰহাট-মাজুলী সংযোগী এখন দলং নিৰ্মাণৰ আঁচনি কথা ঘোষণা কৰিছিল। কিন্তু আঁচনি ঘোষণাৰ পাঁচটা বছৰ অতিক্ৰম কৰাৰ পাছতো দলং খনৰ আধাৰশিলা স্থাপন নোহোৱা কথাটোৱেহে সন্দেহ অধিক ঘণীভূত কৰি তুলিছে। আঁচনিৰ ফুলজাৰিৰেই চমকৰ ভমক দিব খুজিছিল নেকি মাজুলীবাসীক নে ইয়াৰ নেপথ্যত আছে আন কিবা অভিপ্ৰায়? তাকে লৈ প্ৰশ্নৰ অৱতাৰণা হোৱাও দেখা গৈছে। যোৰহাট-মাজুলী সংযোগী দলংখনক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়েও সম্প্ৰতি সামাজিক মাধ্যমত তোলপাৰ লগাইছে।

আঁচনিৰ ফুলজাৰিৰেই চমকৰ ভমক দিব খুজিছিল নেকি মাজুলীবাসীক নে ইয়াৰ নেপথ্যত আছে আন কিবা অভিপ্ৰায়?

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি এটা ইঞ্জিনযুক্ত বেছিভাগ মাৰনাও বেচৰকাৰী লেচীৰ দ্বাৰা পৰিচালিত। অসম চৰকাৰ আভ্যন্তৰীণ জলপৰিবহণ বিভাগটো থাকোতেই কিদৰে বেচৰকাৰী নেক্সাছে চৰমসীমা অতিক্ৰম কৰিলে। দেখ-দেখকৈ ই চৰকাৰ-প্ৰশাসনৰ গাফিলতিৰ প্ৰতিচ্ছবিখনকে যে প্ৰতিফলিত কৰিছে তাক কোনপধ্যে নুই কৰিব নোৱাৰি। শেহতীয়া ঘটনাটোৰ পাছত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ইঞ্জিনযুক্ত মাৰনাও সমূহ বন্ধ কৰি দিব বুলি সদৰী কৰিছে। ৰাজনৈতিক নেতা আৰু মাজুলীৰ সত্ৰাধিকাৰ সকলৰ আশীবাৰ্দপুষ্ট নহ’লে চৰকাৰী বিভাগ এটাত বেচৰকাৰী লেচীয়ে প্ৰভূত্ব বিস্তাৰ কৰিব পাৰিলে কিদৰে এয়াও এক চিন্তনীয় বিষয়। ব্ৰহ্মপুত্ৰত ভূমি পূজনৰ বাবে উঠি পৰা লগা এই সকল সত্ৰাধিকাৰে ইচ্ছা কৰিলে এখন দলং নিৰ্মাণৰ বাবে বিশাল গণ আন্দোলনৰ সূচনা কৰিব পাৰিলে হয়। কিন্তু সত্ৰাধিকাৰ প্ৰভূসকলৰ প্ৰভূত্ব ম্লান পৰিব বুলি তথা মাজুলীৰ ঐতিহ্য সংস্কৃতিত নেতিবাচক প্ৰভাৱ পৰাৰ আশংকাত সত্ৰাধিকাৰসকলে যোৰহাট সংযোগী এখন দলং বিচৰা নাই। একাংশ সত্ৰাধিকাৰে গোপনে দলং নালাগে বুলি বাধা দিয়াৰো অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ বোৰে স্বাভাৱিকতে চকু কপালত তুলিছে সচেতন মহলৰ।

‘ভৱিষ্যতে আমাৰ মাজুলীবাসীয়ে এনেকৈ পণবন্দী হৈ থাকিব লগা নহয়। তাৰ বাবে আহ্বান জনাইছো।


শেহতীয়াকৈ গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ হৰি দেব গোস্বামীয়েও বিষয়টোক কেন্দ্ৰ কৰি মন্তব্য প্ৰকাশ কৰিছে। যাতায়তৰ সুচল ব্যৱস্থাৰ বাবে মাজুলীবাসীৰ হৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাই তেওঁ কয়, ‘আমাৰ যিখন মাজুলী-যোৰহাট সংযোগী দলং সেই দলংখনৰ দাবী ইতিমধ্যে বহু দিনৰ পৰাই কৰি থকা হৈছে। ২০১৫চনতো আমাৰ সত্ৰাধিকাৰসকলে, যিকেইজনে পাৰিছে তেওঁলোকে আহ্বান জনাইছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেতিয়া সাংসদ আছিল। গতিকে, তাৰ আগতো এনেধৰণে, বিভিন্ন সময়ত মাজুলীৰ লগতে বিভিন্ন দল-সংগঠনে এই দাবী জনাই আহিছে। আমি দেখিছো যে, দলং খন ক্ষিপ্ৰতাৰে কৰি দিয়াৰ উদ্দশ্যে ভূমি পূজন কাৰ্যসূচী হৈ গ’ল। কিন্তু দেখা গ’ল, এতিয়াও যথেষ্ট লেহেম হৈছে। যাৰ কাৰণে আজি ব্ৰহ্মপুত্ৰত যিটো ঘটনা ঘটি গ’ল সিয়ো ইয়াৰ এটা কাৰণ বুলি ক’ব লাগিব। গতিকে, আমি অতি ক্ষিপ্ৰতাৰে, যাতে ভৱিষ্যতে আমাৰ মাজুলীবাসীয়ে এনেকৈ পণবন্দী হৈ থাকিব লগা নহয়। তাৰ বাবে আহ্বান জনাইছো।’

আনহাতে, দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীয়েও অনুৰূপ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। তেওঁৰ স্পষ্টমত ‘আমাক এখন দলং লাগে। যিখন দলং আজি বহু বছৰৰ পৰা মাজুলীবাসীয়ে বিচাৰি আহিছে আৰু বহু আশাৰে সৰ্বানন্দ সোণোৱালক অত্যন্ত আশাৰে প্ৰথমবাৰৰ বাবে জয়যুক্ত কৰিছিল। এটাই আশা মাজুলীবাসীৰ এই জলন্ত সমস্যা। শিক্ষাৰ সমস্যা, চিকিতসাৰ সমস্যা, যাতায়তৰ সমস্যা ইত্যাদি এই সমস্যা বিলাকৰ পৰা মাজুলীয় পৰিত্ৰাণ পাবৰ কাৰণে বিজেপি চৰকাৰখনে প্ৰতিনিধিত্ব কৰিব পৰাকৈ বিপুল ভোটত সৰ্বানন্দ সোণোৱালক জয়যুক্ত কৰা হৈছিল। কিন্তু মিছা ফুলজাৰিৰে মাজুলীবাসীক সৰ্বানন্দ সোণোৱালে যি প্ৰতাৰণা কৰিলে তাৰ ফলশ্ৰুতিত শেহতীয়া নাও দুৰ্ঘটনা। মাজুলীবাসীৰ বাবে এয়া এক অপ্ৰত্যাশিত ঘটনা। মাজুলীবাসীয়ে এনেকুৱা এটা ঘটনাৰ সন্মুখীন হ’ব বুলি কেতিলয়াও কল্পনাই কৰা নাছিল।’

’আমাক এখন দলং লাগে …দুজন বা এজন সত্ৰাধিকাৰে মাজুলীক প্ৰতিনিধিত্ব নকৰে।’

সত্ৰাধিকাৰ সকলৰ প্ৰসংগতো সৰব হৈ পৰে জনাৰ্দন দেৱ গোস্বামী। অসম চৰকাৰে সত্ৰাধিকাৰ সকলক জগৰীয়া কৰি ৰাজনীতিৰ মেৰেপচত সুমুৱাই দায় সাৰিব বিচাৰিছে বুলি কটাক্ষ। তেওঁ কয়, ‘ মাজুলীৰ সৌস্তৱ বৃদ্ধিত আঘাত হানিব পাৰে বুলি হয়তো কোনোবা সত্ৰাধিকাৰে কৈছিল কিন্তু মাজুলীৰ দলং খন নালাগে বুলি কোৱা নাই। দুজন বা এজন সত্ৰাধিকাৰে মাজুলীক প্ৰতিনিধিত্ব নকৰে।’

উল্লেখ্য যে, মাজুলী দলঙৰ আধাৰশিলা স্থাপন কৰা হৈছিল ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত। জয়ৰাম নিটিন গাডকাৰীৰ উপস্থিতিত মাজুলীবাসীৰ আশাক বাস্তৱ ৰূপ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল অসম চৰকাৰে। কিছুদিন আগতে, অৰ্থাত চলিত বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীত মাজুলীত গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভাৰ্ছুৱেলী ভূমি পুজা কৰিলে। কিন্তু একো ফল নধৰিল। অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মতে দলং খনৰ ডিপিআৰ সম্পূৰ্ণ হৈ উঠা নাই। ৯কোটি ২৫ লাখ টকাৰে ইউ পি ষ্টেট বিজ কৰ্পৰেচনে আগভাগ লৈছিল যদিও কামৰ বিশেষ অগ্ৰগতি নাই। অনাগত সময়ত এই বিষয়টোৱে কি সমীকৰণেৰে আগবাঢ়ে সেয়াহে হ’ব লক্ষ্যণীয়!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
32 ° C
32.4 °
32 °
66 %
2.1kmh
40 %
Mon
34 °
Tue
32 °
Wed
27 °
Thu
31 °
Fri
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular