spot_img
31 C
Guwahati
Wednesday, September 22, 2021
spot_img
Homeআঞ্চলিকনিমাতীঘাটৰ দুৰ্ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ: মাজুলীত উপস্থিত হ’ব মুখ্যমন্ত্ৰী

নিমাতীঘাটৰ দুৰ্ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ: মাজুলীত উপস্থিত হ’ব মুখ্যমন্ত্ৰী

মাজুলী : নিমাতীঘাটৰ নাও দুৰ্ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ কেন্দ্ৰীয় চৰকাৰৰ সকলো সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ কৰাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ৷ উল্লেখ্য যে, কালি আবেলি নিমাতীৰ পৰা মাজুলীমুখী নাও এখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল৷

ভৰা ব্ৰহ্মপুত্ৰত জাহাজৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল নাওখনৰ৷ যাত্ৰীভৰ্তি নাওখন কমলাবাৰীমুখে ৰাওনা হৈছিল আৰু লুইতৰ বুকুত টিপকাই নামৰ জাহাজৰে সংঘৰ্ষ হৈছিল৷ ঘাটলৈ চপোৱা চৰকাৰী জাহাজক ঠাই দিবলৈ গৈ সংঘটিত হয় এই দুৰ্ঘটনা৷

NDRF-SDRF-এ চলাইছে যুদ্ধংদেহী উদ্ধাৰ অভিযান৷ নিমাতীঘাটলৈ ৰাওনা হৈছে নদীত সন্ধানহীন হোৱা লোকৰ পৰিয়ালৰ সদস্যসকল৷ প্ৰায় ৪০গৰাকী যাত্ৰীক উদ্ধাৰ কৰা বুলি প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে৷ নিমাতীঘাটৰ নাও দুৰ্ঘটনাক লৈ তৎপৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷ আজি মাজুলীত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
31 ° C
31 °
31 °
66 %
0kmh
75 %
Wed
30 °
Thu
32 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular